গোলকগঞ্জত একে দিনাই দুই কিশোৰীৰ আত্মহত্যা অঞ্চলজুৰি চাঞ্চল্য
ঘটনাৰ আঁৰত প্ৰেমজনিত কাৰণৰ সন্দেহ !
আগমনি,২৬আগষ্ট:
ধুবুৰী জিলাৰ গোলকগঞ্জত একে দিনাই দুগৰাকী কিশোৰীয়ে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুয়োটা ঘটনাৰ আঁৰত প্ৰেমজনিত কাৰণ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে, প্ৰথমটো ঘটনা সংঘটিত হয় গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মাঝেৰচৰ অঞ্চলত। 
