...

লিডুত কবি গীতা দেৱী নেওগৰ ‘কথাৰ পাক চবিয়াই থাকোতে’ কাব্যগ্ৰন্থ উন্মোচন

লিডুত কবি গীতা দেৱী নেওগৰ ‘কথাৰ পাক চবিয়াই থাকোতে’ কাব্যগ্ৰন্থ উন্মোচন

মাৰ্ঘেৰিটা,২৫ আগষ্টঃ

লিডু স্বৰ্ণ শাখা সাহিত্য সভা ভৱনত মঙ্গলবাৰৰ বিয়লি এক গাম্ভীৰ্যপূৰ্ণ সাহিত্যিক অনুষ্ঠানত কবি গীতা দেৱী নেওগৰ নৱতম কাব্যগ্ৰন্থ ‘কথাৰ পাক চবিয়াই থাকোতে’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। সাহিত্যিক–সাংবাদিক জগত চাংমায়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা মূল সভাখন পৰিচালনা কৰে তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰাণাজ্যোতি নেওগে। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি কবি গীতা দেৱী নেওগে নিজৰ কাব্যিক অনুভৱ আৰু অভিজ্ঞতা ব্যক্ত কৰে। মাৰ্ঘেৰিটাৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড° ৰমেন হাজৰিকাই কাব্যগ্ৰন্থখন উন্মোচন কৰি কবিগৰাকীৰ ভাষা-সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰ শলাগ লয় আৰু গ্ৰন্থখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। সভাত মুখ্য অতিথিৰ ভাষণত বিশিষ্ট সাহিত্যিক–কবি ড° ৰঞ্জিত দত্তই সমকালীন অসমীয়া কবিতাৰ প্ৰাসংগিকতা আৰু মানৱীয় মূল্যবোধ বিকাশত সাহিত্যৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্টা কবি–সাহিত্যিক ড° ৰুণজুন শইকীয়া আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙে বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়ায়। ইয়াৰোপৰি সভাত দিব্যলতা দত্ত, ড° দিপালী বৰপূজাৰী, চুফাতি পমুং মিলি, যোগেশ বিকাশ গগৈ, লক্ষী ফিল’বাৰী, পুলক কুমাৰ গগৈ, কৈলাশ গুপ্তা, অশোক আগৰৱালা আৰু লক্ষ্যধৰ সোণোৱাল প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।সভাৰ অন্যতম আকৰ্ষণ আছিল নিমন্ত্ৰিত কবিসকলৰ কবিতা পাঠৰ অনুষ্ঠান। লক্ষী ফিল’বাৰী, বৰ্ণালী গগৈ, উৰ্মিলা ৱাখেত, মাধৱ দয়াল দত্ত, দেৱজিৎ বৰা আৰু প্ৰবীৰজ্যোতি বৰাই কবিতা পাঠ কৰি সাহিত্য সভা ভৱনৰ পৰিৱেশ জীপাল কৰি তোলে। উল্লেখ্য যে, ইতিপূৰ্বে ‘উন্মেষ’ আৰু ‘কিয় সুধিছিলা মোৰ নাম’ শীৰ্ষক দুখন কবিতা সংকলন প্ৰকাশ পোৱা কবি গীতা দেৱী নেওগৰ এইখন তৃতীয় কাব্য সংকলন। বিভিন্ন কাকত-আলোচনীত নিয়মিত লেখা-মেলা কৰা কবিগৰাকীৰ নৱতম সংকলনটিয়ে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰিব বুলি উপস্থিত সাহিত্যপ্ৰেমীসকলে আশা ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *