...

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুঘটনা

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুঘটনা

এজনৰ ঘটনাস্থলীতে মৃত্যু

চাইন অন ডেস্ক,২৪আগষ্ট:

ডিব্ৰুগড়ৰ বকপৰাৰ বাইপাছত আজি এক ভয়ংকৰ পথ দুঘটনা সংঘটিত হয়।ঘটনাত এখন অট’ৰ চালক ঘটনাস্থলীতে নিহত হয়।জানিব পৰা অনুসৰি বকপৰাত বাইপাছত এখন মাৰুতী এল্ট,এখন স্কুটী আৰু এখন অট’ৰ মাজত সংঘৰ্ষ হয়।ফলত অট’ৰ চালকৰ আসনত থকা ৰাজগড়ৰ ধৰ্মকান্ত গগৈ ঘটনাস্থলীতে নিহত হয়।আনহাতেদি মাৰুতী গাড়ীত থকা এহাল দম্পতীও আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অটত থকা এগৰাকী মহিলাসহ কনমানি এগৰাকী গুৰুতৰভাবে আহত হয়।ইফালে স্কুটীখনত থকা দুজন যুৱক কম-বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয়।ঘটনাটোৱে অঞ্লটোত গভীৰ শোকৰ ছাঁ পেলাইছে।উল্লেখ্য যে উক্ত অঞ্চলত দীৰ্ঘ সময় ধৰি বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। উক্ত পথত সৰহ সংখ্যক বাহনে যান-বাহনৰ আইন মানি নচলাৰ লগতে দ্ৰুত বেগত বাহন চলোৱাৰ বাবেই প্ৰায়ে দুঘটনা সংঘটিত হৈ অহা বুলিও ৰাইজৰ মাজত সৰব চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *