নাহৰকটীয়াত টাইপাৰ কাৰ্যনিৰ্বাহক সভা
ডিব্ৰুগড় জিলা সমিতি ভংগ
গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
চাইন অন ডেস্ক,২৪আগষ্ট:
নাহৰকটীয়াৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন ভৱনত টাই আহোম যুৱ পৰিষদ (টাইপা)-ৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সংগঠনটোৰ সাংগঠনিক পৰিস্থিতি, শৃংখলা আৰু ৰাজ্যৰ সাম্প্ৰতিক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সভাত বিস্তৃত আলোচনা কৰা হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিয়ে।
সভাৰ অন্তত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে টাইপাৰ মুখ্য উপদেষ্টা হেমন্ত চাংমায়ে।
সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ফলক স্থানান্তৰ আৰু নিষ্কাশনকে ধৰি শৃংখলাবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত টাইপাৰ ডিব্ৰুগড় জিলা

আনহাতে, সভাত মৃদুল গগৈক সংগঠনটোৰ নতুন কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হয়। পূৰ্বৰ কাৰ্যকৰী সভাপতি হেমন্ত গগৈক উপদেষ্টা হিচাপে দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিয়ে। কাৰ্যনিৰ্বাহক সমিতিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু টাই আহোম মহিলা পৰিষদৰ বিষয়ববীয়া আৰু শিৱসাগৰ, চৰাইদেউ জিলা, নাহৰকটীয়া মহকুমা আৰু নামৰূপ, ডুলিয়াজান,চাচনি, টেঙাখাট আঞ্চলিকৰ বিষয়ববীয়া সকল উপস্থিত থাকে।