২০২৬ চনৰ ১৯ আগষ্টত শ্বিলঙত কে এছ ইউৰ ৰেলীক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে (এ জে ৱাই পি)। সংগঠনটোৱে অসম আৰু মেঘালয় চৰকাৰক ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া আৰু সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰে যে, উক্ত ঘটনাত অসম পঞ্জীয়নভুক্ত বাহন ভাঙি-চূৰমাৰ কৰা, পৰ্যটক আৰু যাত্ৰীক আক্ৰমণ কৰা তথা চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপিত হৈছে। এনে ঘটনাই অসম-মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি গঢ় লৈ উঠা সৌহাৰ্দ্য, পাৰস্পৰিক বিশ্বাস আৰু সদ্ভাৱত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰে। ইতিমধ্যে অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ আলোচনা আৰু অভিযুক্তসকলক চিনাক্ত কৰাৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলক আদৰণি জনাই সংগঠনটোৱে তদন্ত নিৰপেক্ষ আৰু ন্যায়সংগতভাৱে সম্পূৰ্ণ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। লগতে দুয়োখন ৰাজ্যৰ ছাত্ৰ আৰু যুৱ সংগঠনৰ প্ৰতিনিধিক লৈ মুখ্যমন্ত্ৰীদ্বয়ৰ উপস্থিতিত এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰা, কেব আৰু টেক্সি চালকসকলক চৰকাৰী পৰিচয়-পত্ৰ আৰু বাহনৰ বাবে একক ক্ৰমাংকযুক্ত ষ্টিকাৰ প্ৰদান কৰা, চালক-যাত্ৰীৰ সুবিধাৰ বাবে ২৪ ঘণ্টীয়া বিনামূলীয়া সহায়তা নম্বৰ মুকলি কৰা আৰু হোৱাটছএপ তথা ক্ষুদ্ৰ বাৰ্তাৰ জৰিয়তে অভিযোগ গ্ৰহণৰ ব্যৱস্থা কৰাৰ দাবী জনোৱা হয়। ইয়াৰ উপৰি স্পৰ্শকাতৰ এলেকাত দৃশ্যমান আৰক্ষী ব্যৱস্থা শক্তিশালী কৰা, দুয়োখন ৰাজ্যৰ পৰিবহণ সংস্থা আৰু সংগঠনৰ মাজত শান্তি আলোচনা অনুষ্ঠিত কৰা আৰু বিদ্যালয়-মহাবিদ্যালয়ত আন্তঃৰাজ্যিক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত সজাগতামূলক কাৰ্যসূচী গ্ৰহণৰ বাবেও আহ্বান জনায় এ জে ৱাই পিয়ে। সংগঠনটোৱে আশা প্ৰকাশ কৰে যে, দুয়োখন চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লৈ ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ লগতে অসম-মেঘালয়ৰ ঐতিহাসিক সম্প্ৰীতি আৰু পাৰস্পৰিক বিশ্বাস অধিক সুদৃঢ় কৰিব।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.