...

বানপীড়িত এলেকাত মোহন ফাউণ্ডেশ্যন জনকল্যাণ ট্ৰাষ্ট আৰু তিনি চিকিৎসা সেৱাৰ স্বাস্থ্য শিবিৰ

বানপীড়িত এলেকাত মোহন ফাউণ্ডেশ্যন জনকল্যাণ ট্ৰাষ্ট আৰু তিনি চিকিৎসা সেৱাৰ স্বাস্থ্য শিবিৰ

চাইন অন ডেস্ক,১৭আগষ্ট:

মোহন ফাউণ্ডেশ্যন জনকল্যাণ ট্ৰাষ্ট, ডিব্ৰুগড়ৰ ভেজাক্স আয়ুৰ্বেদা (অসম অধ্যায়),মহাবাহু আয়ুৰ্বেদিক এণ্ড নেচাৰোপেথিক ট্ৰিটমেন্ট কেন্দ্ৰ ডিব্ৰুগড়ৰ আদি চিকিৎসা সেৱা অনুষ্ঠানৰ যৌথ উদ্যোগত ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সমাজকৰ্মী তথা এইচ পি আয়ুৰ্বেদা (অসম অধ্যায়-এ) সহযোগিতাত ৬-১৬ আগষ্টলৈ উজনি অসমৰ মাহমৰা,ঙ ডিমৌ আৰু শিৱসাগৰ সমষ্টিৰ বানপীড়িত এলেকাৰ জনসাধাৰণক বিনামূলীয়া স্বাস্থ্যসেৱা, চিকিৎসা সহায়ৰ বাবে চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় ।উল্লেখযোগ্য যে উক্ত চিকিৎসা সেৱা অনুষ্ঠানৰ উদ্যোগত বানপীড়িত অঞ্চল সমূহত বিনামূলীয়াকৈ স্বাস্থ্য সজাগতা শিবিৰ, ঔষধ বিতৰণ উপৰিও চিকিৎসা শিবিৰত চিকিৎসক, চিকিৎসা কৰ্মী আৰু সমাজকৰ্মী সকলে অংশগ্ৰহণ কৰি বানপীড়িত ৰাইজক স্বাস্থ্য যত্নৰ পৰামৰ্শ, স্বাস্থ্য সজাগতা আৰু প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰে।বানপীড়িত অঞ্চলত চিকিৎসা সেৱাৰ শিবিৰত ধেমাজিৰ চিচিবৰ গাঁৱৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিশু কল্যাণ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডা:ৰঞ্জন ভূঞা,উক্ত খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা:ব্ৰজজ্যোতি পায়েং ,ডুলীয়াজান অন্নদা কেয়াৰ এণ্ড কিউৰ হস্পিতাল এণ্ড ডায়গনষ্টিক চেন্টাৰ ৰেচিডেন্ট চিকিৎসক ডা অনুৰাগ সোনোৱাল, মোহন ফাউণ্ডেশ্যন জনকল্যাণ ট্ৰাষ্ট, যোগ, আৰু প্ৰাকৃতিক চিকিৎসক ডা:মোহন সোনোৱাল, পশ্চিম বংগৰ আয়ুৰ্বেদিক চিকিৎসক ডা:সঞ্জয় সাহাই চিকিৎসা সেৱা আগবঢ়ায়।উক্ত কাৰ্যসূচীত সমাজকৰ্মী ক্ৰমে অৰুণ সোনোৱাল (বলাই),লোহিত দাধৰা(চৰাইদেউ),ৰাজীৱ ৰাজখোৱা(চৰাইদেউ)মহেশ যাদৱ(ডিব্ৰুগড়),শিৱসাগৰ অৰবিন্দ মজুমদাৰ, বোকাখাটৰ লক্ষণ মাঝি,ধেমাজিৰ বিমল ভট্টাচাৰ্য, শিৱসাগৰ হাফিজুৰ ৰহমান,ৰথীন পাল, মেৰিণা আহমেদ(নাৰ্ছ), দীপক হাজৰিকা,জুলেখা বেগম (নাৰ্চ),কপৌটিঙৰ মানসী গগৈ,ডিব্ৰুগড়ৰ উৰ্মিলা সোনোৱাল (সমাজকৰ্মী)শিৱসাগৰ মজিবুৰ ৰহমান,৬৭৫নংকপৌটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অহিন্দ্ৰ ভৰালী,সমাজসেৱিকা লতিফা বেগম, আশাকৰ্মী চুমী ভড়াঁলী, আৰু চুমি দুৱৰাই পূৰ্ণ সহযোগিতাৰে সেৱা আগবঢ়ায়।আনহাতে মাহমৰা, ডিমৌ চৰাইদেউ আৰু শিৱসাগৰ সমষ্টিৰ বানপীড়িত অঞ্চলত বিনামূলীয়া চিকিৎসা আৰু স্বাস্থ্য সেৱা শিবিৰৰ মানৱীয় তথা জনকল্যাণমূলক কাৰ্যসূচীত সফল ৰূপায়নত বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডা:ইন্দিৰা নেওগ, ডিব্ৰুগড়ৰ স্বাস্থ্যসেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডা:তৃষ্ণা বৰাই বিশেষ সহযোগিতা আগবঢ়ায়।বানবিধ্বস্ত হৈ চৰম দুৰ্যোগৰ সময়ত যোৱা ৬-১৬ আগষ্ট লৈকে বানপীড়িত অঞ্চল সমূহত বিনামূলীয়া স্বাস্থ্য শিবিৰ, ঔষধ বিতৰণ, চিকিৎসা সেৱাৰে আৰ্ত জনসাধাৰণক প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ উপৰিও স্বাস্থ্য সজাগতা হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা জনকল্যাণমূলক মানৱ সেৱা আগবঢ়োৱাৰ কাৰণে চিকিৎসা সেৱা অনুষ্ঠানে গ্ৰহণ কৰা পদক্ষেপক বানপীড়িত ৰাইজে শলাগ জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *