...

ভাৰতত স্বাধীনতা দিৱস নিশা ভাৰত-বাংলাদেশ সীমান্তৰ নালিয়াৰ আড্ডা গাওঁত অশ্লীল নৃত্য

ভাৰতত স্বাধীনতা দিৱস নিশা ভাৰত-বাংলাদেশ সীমান্তৰ নালিয়াৰ আড্ডা গাওঁত অশ্লীল নৃত্য

চাইন অন ডেস্ক,১৬আগষ্ট:

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ নালিয়া আৰক্ষী চকীৰ অন্তৰ্গত আড্ডা গাঁৱত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। দেশভক্তিমূলক কাৰ্যসূচীৰ পিছতে আয়োজিত সাংস্কৃতিক সন্ধ্যাত ভোজপুৰী গানৰ তালে-তালে অশ্লীল নৃত্য প্ৰদৰ্শন কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত গোটেই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।স্থানীয় সূত্ৰ অনুসৰি, যোৱা কালি নিশা নালিয়াৰ আড্ডাত স্বাধীনতা দিৱস উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে দেশভক্তিমূলক গীত পৰিৱেশন কৰা হয়। কিন্তু কিছু সময়ৰ পিছতেই মঞ্চত ভোজপুৰী গান বজাই অশ্লীল নৃত্য আৰম্ভ কৰা হয়। নৃত্যত অংশ গ্ৰহণকাৰী সকলৰ লগতে এগৰাকী প’ৰ্টেলৰ সাংবাদিকেও মঞ্চত দেখা গৈছে ভাইৰেল ভিডিঅ’টোত । গোটেই নিশাজোৰা চলা এই অশ্লীল নৃত্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে নালিয়া অঞ্চলৰ লগতে সমগ্ৰ গোলকগঞ্জত ক্ষোভৰ সৃষ্টি হৈছে। স্বাধীনতা দিৱসৰ দৰে এটা পবিত্ৰ দিনত এনে অনুষ্ঠান আয়োজন কৰাক লৈ স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।বিশেষকৈ নালিয়া আৰক্ষী চকীৰ এলেকাত গোটেই নিশা ধৰি এইদৰে অশ্লীল নৃত্য অনুষ্ঠিত হোৱাৰ পিছতো আৰক্ষীৰ কোনো ভূমিকা নথকাত আৰক্ষীৰ ভূমিকা সন্দেহৰ আৱৰ্তত পৰিছে। লগতে আয়োজক সমিতিয়ে কেনেদৰে এনে অনুষ্ঠানৰ অনুমতি লাভ কৰিলে সেয়াও এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *