সোণোৱালমিজৰ প্ৰসাৰ-প্ৰচাৰৰ সিদ্ধান্ত সোণোৱাল সাহিত্য সভাৰ
‘আধুনিক গীতেই হৈছে ভাষা জনপ্ৰিয় কৰাৰ উৎকৃষ্ট মাধ্যম’ঃ গুণেশ্বৰ সোণোৱাল
চাইন অন ডেস্ক,৯আগষ্টঃ
সোণোৱাল কছাৰী সাহিত্য সভাই ‘সোণোৱালমিজ’ত গ্ৰন্থ প্ৰকাশৰ লগতে কবি সন্মিলন, আলোচনা চক্ৰ আদি আয়োজন কৰি ভাষাটোৰ শ্ৰীবৃদ্ধি ঘটাব৷ তদুপৰি নতুন প্ৰজন্মৰ মাজত বিভিন্ন বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিব৷ তাৰবাবে সোণোৱাল ভাষাটোৰ ওপৰত জনজাতিটোৰ সকলো সাহিত্যসেৱীকে চৰ্চা বৃদ্ধিৰ বাবে আহ্বান জনাইছে সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালে৷ আজি বৃহত্তৰ ডিব্ৰুগড় খ্ৰীংখ্ৰীং বাইথ’ মন্দিৰ চৌহদত সভাপতি মোহন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সংগঠনটোৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই সম্পৰ্কত প্ৰতিষ্ঠাপক সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোণোৱালে কয় যে এনে কোনো জনজাতি নাই যাৰ ভাষা নাই৷ মান্য অসমীয়াত ভাষাত সাহিত্য চৰ্চা কৰিলেও ‘সোণোৱালমিজ’ত চৰ্চা কৰি ভাষাটোৰ শ্ৰীবৃদ্ধি কৰাৰ প্ৰয়োজন আছে৷ সোণোৱালমিজত কথা-বতৰা পতা, শিশু সাহিত্য সৃষ্টি কৰা, আন ভাষাৰ সাহিত্য সোণোৱালমিজলৈ তৰ্জমা কৰা ইত্যাদি কাম কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে আধুনিক গীতেই হৈছে ভাষাটো জনপ্ৰিয় কৰাৰ উৎকৃষ্ট মাধ্যম৷ এয়া কোনো অসাধ্য কাম নহয় বুলি উল্লেখ কৰি সাহিত্যিক গৰাকীয়ে সোণোৱালমিজত লিখিত দুকুৰি আধুনিক গীতৰ এক পাণ্ডুলিপি প্ৰকাশৰ বাবে সভাৰ হাতত অৰ্পণ কৰে৷ মুখ্য সম্পাদক মৃদুল সোণোৱালে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সোণোৱাল কছাৰী বুৰঞ্জী প্ৰণয়ন সমিতিৰ হৈ অন্যতম সম্পাদক ড॰ নিতুমণি শইকীয়াই অগ্ৰগতি সম্পৰ্কত বক্তব্য আগবঢ়াই সকলোৰে সহযোগিতা কামনা কৰে৷ আনহাতে প্ৰকাশন সচিব ৰতন হাজৰিকাই সোণোৱাল কছাৰী গাঁওসমূহৰ ইতিহাস, সোণোৱাল কছাৰীৰ সফল ব্যক্তি, কৃষি আৰু উদ্যোগ সম্পৰ্কীয় গ্ৰন্থ, সোণোৱালমিজত ভিন্নধৰ্মী গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা সম্পৰ্কে অৱগত কৰে৷ আনহাতে সভাৰ অন্যতম সম্পাদক ড॰ তুলসী সোণোৱালে সভাৰ দ্বাৰা প্ৰণীত ব্যাকৰণ, শব্দকোষ আদিৰ কামৰ অগ্ৰগতিৰ সম্পৰ্কত উপস্থিত ৰাইজক অৱগত কৰে৷ সভাত সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণৰ লগতে বাৰিষাৰ পিছতে সোণোৱালমিজত কবি সন্মিলন, মৰাণ কলেজত সোণোৱাল ভাষা-সংস্কৃতি সম্পৰ্কীয় ৰাষ্ট্ৰীয় চেমিনাৰ আয়োজন কৰাৰ লগতে শেহতীয়াকৈ মানৱসৃষ্ট ভয়াৱহ বানত বিধ্বস্ত লোকক সভাৰ তৰফৰ পৰা অতি শীঘ্ৰে প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উক্ত সভাতেই ডিব্ৰুগড়ৰ ড॰ নিতুমণি শইকীয়া বড়া, বিহপুৰীয়াৰ উমেশ সোণোৱাল, মৰিছাপথাৰৰ ভাস্কৰ সোণেনাৱাল, অৰুণাচলৰ শ্যামল সোণোৱাল আৰু চৰাইদেউৰ শিৱ সোণোৱালক সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ লগতে শপতগ্ৰহণ কৰোৱা হয়৷ সভাত সংগঠনটোৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, অৰুণাচলৰ চাংলাং, নামচাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিনিধি সকলে বক্তব্য আগবঢ়ায়৷ সভাত উপদেষ্টা ড॰ সতীশ চন্দ্ৰ বড়া, অহিন্দ্ৰ শইকীয়া, হেৰম্ব প্ৰসাদ দাস, উপসভাপতি ক্ৰমে ড॰ লব ৰাম সোণোৱাল, সুমন্ত বড়া, মণিদীপা লালোৱাৰীকে ধৰি গৰিষ্ঠসংখ্যক বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য-সদস্যাসকল উপস্থিত থাকে৷