অৰুণাচলৰ টাকচিঙত ভাৰতীয় সেনা আৰু চীনা পিএলএ-ৰ মুখামুখি অৱস্থান !
অস্থিৰ ভাৰত-চীন সীমান্তবৰ্তী ?
চাইন অন ডেস্ক,৬আগষ্ট:




মানানাফেৰ মাৰগান-পেট্টনাং হ্রদ-টিনডিংটাও টিজি। অভিযোগ অনুসৰি ২০২০ চনৰ আগলৈকে উক্ত স্থান কেইটা ভাৰত ভূখণ্ডৰ অধীনতেই আছিল। কিন্তু এতিয়া পিএলএই দখল কৰি লোৱাৰ সমান্তৰালভাবে তাত সামৰিক ঘাটি স্থাপন আৰু পথ-দলং নির্মাণ কৰিছে। তদুপৰি পৱিত্র তীর্থস্থান থকা চাৰি অঞ্চলৰ কেতবোৰ স্থানো বেদখল কৰিছে চীনে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল চীনৰ ভূখণ্ড সম্প্রসাৰণ তথা বেদখলৰ পৰিণতিত সীমান্তবর্তী অঞ্চলত বসবাস কৰা স্থানীয় জনগোষ্ঠীৰ জীৱন আৰু নিৰাপত্তালৈ ভাবুকি নামি আহিব পাবে বুলি পত্রখনত আশংকা ব্যক্ত কৰা হৈছিল।এনে অৱস্থাত নাগৰিক সংগঠনটোৱে চীনৰ কার্যকলাপ অব্যাহত থাকিলে স্থানীয় লোকসকলৰ জীবিকা আৰু পৰম্পৰাগত যাতায়াতৰ ওপৰত বিৰূপ প্রভাব পৰিব বুলি সতর্ক কৰিও দিছিল। পত্রখনত লিখা হৈছিল যে টাকছিংত পিএলএৰ কার্যকলাপৰ উদ্দেশ্য আৰু গতিবিধি অত্যন্ত ভাবুকিপূর্ণ আৰু গভীৰ চিন্তাব বিষয়। আমি তেওঁলোকৰ বাবে প্রতিদিনে ইঞ্চি ইঞ্চিকৈ ভূমি হেৰুৱাইছোঁ। স্থানীয় জনগোষ্ঠীসমূহে প্রজন্মৰ পিছত প্রজন্ম ধৰি ব্যৱহাৰ কৰা পূর্বপুৰুষৰ চিকাৰথলী আৰু গো-চৰণীয়া
পথাৰসমূহ এতিয়া পিএলএই দখল কৰিছে। লক্ষণীয়ভাবে ভাৰতীয় সেনাবাহিনীৰ প্রতি এনডব্লিউএছে গভীৰ আস্থা ব্যক্ত কৰিছে যদিও পত্রখনত এক তাৎপর্যপূর্ণ বিষয় উল্লেখ কৰিছিল।কোৱা হৈছিল যে ভাৰতীয় সেনাৰ ওপৰত আমাৰ কোনো সন্দেহ নাই। আমাৰ সদায়ে তেওঁলোকৰ প্রতি বিশ্বাস আছে। তেওঁলোকে বহু বছৰ ধৰি আমাৰ ভুমিত পহৰা দি আছে। কিন্তু তেওঁলোকৰ এই পদক্ষেপ যথেষ্ট নহয়। সংগঠনটোৱে পত্রখনৰ সৈতে প্রমাণ হিচাপে কিছুসংখ্যক ফটো সংলগ্ন কৰিও দিছিল। এতিয়া পুনৰ আন্তৰ্জাতিক সীমান্তত,মেকমোহন লাইনৰ সমীপত পুনৰ ৰঙা চীনৰ সেনাৰ অবাধ সঞ্চালনে এক গভীৰ উদ্বেগৰ স্বৃষ্টি কৰিছে।