ধুবুৰীৰ গোলকগঞ্জৰ ৪০০ বছৰীয়া আলোকঝাৰী মহামায়া ধাম
সুদৃষ্টি পৰিব নে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ ?
ধুবুৰী,২৯জুলাই:
ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ আলোকঝাৰী পাহাৰৰ ঢালৰ কাষেৰে বৈ যোৱা এখন মনোমোহা নিজৰাৰ কাষত আছে এক বিশেষ জাগ্ৰত মন্দিৰ। প্ৰায় ৪শ বছৰৰ ঐতিহ্য বহন কৰা সেই মন্দিৰটো আলোকঝাৰী মহামায়া ধাম ৰূপেই ধৰ্মপ্ৰাণ ৰাইজৰ মাজত পৰিচিত। পশ্চিম অসমৰ অন্যতম প্ৰাচীন শক্তিপীঠ তথা মা মহামায়াৰ ৫১টা শক্তিপীঠৰ এটা বুলি চৰ্চিত এই শ্ৰীশ্ৰী মা মহামায়া পদীকা ধামত আছে দুটা ভৰিৰ ছাঁপ৷ স্থানীয় ইতিহাস আৰু পৰম্পৰাগত বিৱৰণ অনুসৰি, গৌৰীপুৰ জমিদাৰী শাসনকালত এই মন্দিৰৰ প্ৰতিষ্ঠা হৈছিল। জনবিশ্বাস অনুসৰি, স্বপ্নাদেশ লাভ কৰাৰ পিছত গৌৰীপুৰৰ ৰজাই আলোকঝাৰী অৰণ্যত সাধনা কৰি থকা এগৰাকী
সন্ন্যাসীৰ পৰা মা মহামায়াৰ স্বৰ্ণমূৰ্তি লাভ কৰি এই পৱিত্ৰ স্থানত মন্দিৰ নিৰ্মাণ কৰিছিল। পিছলৈ মন্দিৰৰ নিত্য পূজা-অৰ্চনাৰ বাবে দেৱোত্তৰ সম্পত্তিও দান কৰা হৈছিল। লোকবিশ্বাস অনুসৰি, এই জাগ্ৰত শক্তিপীঠত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ভক্তৰ মনোকামনা পূৰণ হয়। মনে কামনা পূৰণ কৰাৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই একে ভক্তিভাৱে মা মহামায়াৰ শৰণ লয়। সেইবাবেই প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও হাজাৰ হাজাৰ ভক্তই এই মন্দিৰলৈ আহি পূজা-অৰ্চনা আগবঢ়ায়। বিশেষকৈ অম্বুবাচী মেলা, সাত বিষমা মেলা, দুৰ্গা পূজা আৰু নৱৰাত্ৰি উপলক্ষে আলোকঝাৰী মহামায়া ধামত ভক্তৰ ঢল নামি আহে। উল্লেখ্য যে, পাহাৰ, অৰণ্য আৰু নিজৰাৰ মনোৰম প্ৰাকৃতিক পৰিৱেশে এই ধৰ্মীয় স্থানটোক আকৰ্ষিত কৰি আহিছে বহুতোকে।
কিন্তু, ঐতিহাসিক, ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব থকা সত্ত্বেও, আলোকঝাৰী মহামায়া ধাম বৰ্তমানেও কিন্তু এলাগী অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চকুত। কিন্তু, দীৰ্ঘ বহু বছৰৰ পৰাই ধুবুৰী জিলাৰ গোলকগঞ্জৰ আলোকঝাৰী ধামক অসমৰ পৰ্যটন মানচিত্ৰত অধিক গুৰুত্বসহ অন্তৰ্ভুক্ত কৰি ধৰ্মীয় তথা ইকো-টুৰিজমৰ এক উল্লেখযোগ্য গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা লোৱাটো কামনা কৰিছে অলেখ ভক্তই। আশা কৰা হৈছে, প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সংৰক্ষণ ব্যৱস্থা গঢ়ি তুলিব পাৰিলে এই প্ৰায় ৪০০ বছৰীয়া ঐতিহ্যবাহী পীঠস্থান ৰাজ্যৰ এক অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে বিকশিত হ’ব বুলিও।