...

জাগুনত সোনোৱাল কছাৰী সাহিত্য সভাৰ

জাগুনত সোনোৱাল কছাৰী সাহিত্য সভাৰ

সাংগঠনিক সভা আৰু কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

চাইন অন ডেস্ক,২৭জুলাইঃ

তিনিচুকীয়া জিলাৰ তিৰাপ-জাগুন অঞ্চলৰ ঊদয়পুৰ কথাগাঁৱৰ হৰিমন্দিৰ প্ৰাংগনত দেওবাৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত এক সাংগঠনিক সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সফলভাৱে সম্পন্ন হয়।সাংগঠনিক সভাখনৰ স’তে সংগতি ৰাখি জাগুন অঞ্চলৰ স্বজনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু শিক্ষা ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা বাবুধৰ সোনোৱাল, জগত সোনোৱাল, মুনশীল বড়া, ৰেণী সোনোৱাল আৰু শৰৎ সোনোৱালক একোখনকৈ ‘সোণোৱালী’, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ সমান্তৰালভাৱে ২০২৬ শিক্ষাবৰ্ষত বিভিন্ন পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা জাগুন অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰী সকলকো অভিনন্দন জ্ঞাপন কৰা হয়। সভাৰ আৰম্ভণিতে উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট জিলাত শেহতীয়াকৈ সংঘটিত ভয়াৱহ বানত প্ৰাণ হেৰুওৱা সকলো ব্যক্তিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি খ্ৰীং ৰজাৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। সভাত উপস্থিত বিভিন্ন বক্তাই সোনোৱাল কছাৰী জনজাতিৰ ভাষা, সাহিত্য, সংস্কৃতি, শিক্ষা আৰু সামগ্ৰিক সামাজিক উত্তৰণৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰাৰ আহ্বান জনাই মূল্যৱান বক্তব্য আগবঢ়ায়। জিলাখনত সাংগঠনিক ভেঁটি অধিক শক্তিশালী ৰূপত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। সাংগঠনিক সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি মোহন সোনোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত উপ-সভাপতিদ্বয় সুমন্ত বড়া, ড° লব ৰাম সোনোৱাল আৰু মণিদীপা লালোৱাৰী, মুখ্য সম্পাদক মৃদুল সোনোৱাল, সাংগঠনিক সম্পাদক নেত্ৰ বড়া, লোকেশ্বৰ হাজৰিকা, কাৰ্যনিৰ্বাহক সদস্য জীতেশ বড়া, লনেন সোনোৱাল, হেমেন্দ্ৰ কুমাৰ শইকীয়া, প্ৰাক্তন সাংগঠনিক সম্পাদক শ্যামল সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি ভাৰপ্ৰাপ্ত সভাপতি দীপজ্জল সোনোৱাল, সোনোৱাল কছাৰী সাহিত্য সভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে বহু সদস্য আৰু দুই শতাধিক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *