...

টুপামাৰীত নিৰুদ্দিষ্ট কিশোৰীৰ মৃতদেহ উদ্ধাৰ

টুপামাৰীত নিৰুদ্দিষ্ট কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ব্যাপক চাঞ্চল্য

নগৰবেৰা,২৭ জুলাই:

কামৰূপৰ ছমৰীয়া সমষ্টিৰ টুপামাৰীত আজি এগৰাকী নিৰুদ্দিষ্ট কিশোৰীৰ মৃতদেহ পানীত ওপঙি উঠাত সকলোৰে মাজত হুৱাদুৱা লাগে।ঘৰৰ কাষৰে সুঁতি নৈত ওপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ হোৱাত অঞ্চলজুৰি চাঞ্চল্য বিয়পে।
প্ৰাপ্ত তথ্য অনুসৰি যোৱা শনিবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল ১ নং টুপামাৰী গাঁৱৰ ৰফিকুল ইছলামৰ কন্যা ৰুবিয়া খাতুন (১২)।পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান নাপাই কালি টুপামাৰী আৰক্ষী চকীত লিখিতভাৱে জনাইছিল।
আজি পুৱা এজনে মৰাপাট পানীত নমাবলৈ গৈ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে কিশোৰী গৰাকীৰ মৃতদেহ।
পাছলৈ টুপামাৰী আৰক্ষীয়ে মৃতদেহ বামলৈ তুলি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *