...

শিৱসাগৰত ঢকুৱাখনা প্ৰেছ গীল্ড আৰু বিজ্ঞান সমিতিৰ সাহাৰ্য বিতৰণ

শিৱসাগৰত ঢকুৱাখনা প্ৰেছ গীল্ড আৰু বিজ্ঞান সমিতিৰ সাহাৰ্য বিতৰণ

ঢকুৱাখনা,২৫জুলাই:

অভূতপূৰ্ব বান পৰিস্থিতিৰ সন্মুখীন হোৱা শিৱসাগৰৰ নাগৰিকৰ দুখৰ সমভাগী হ’বলৈ ঢকুৱাখনাৰ ৪ টা সংগঠনৰ প্ৰতিনিধি দল শিৱসাগৰত উপস্থিত হয়। প্ৰেছ গীল্ড, ঢকুৱাখনা, অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা,মেগামিক্স প্ৰকৃতি সংঘ, জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু লেখিকা সমাৰোহ সমিতিৰ ঢকুৱাখনা শাখাৰ উদ্যোগত আৰু ঢকুৱাখনা চাৰিআলিৰ ব্যৱসায়ীসকলৰ সহযোগত কিছু অত্যাৱশ্যকীয় সামগ্ৰী লৈ শিৱসাগৰ ৰাজহ চক্ৰৰ জকাইচুক মৌজাৰ হাতীঘুলিৰ শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অৱস্থিত শিবিৰত বিতৰণ কৰা হয়।শিবিৰটোত থকা ৮৫ টকা পৰিয়ালৰ মাজত ঢকুৱাখনাৰ সংগঠনকেইটাৰ প্ৰতিনিধি দলে সামগ্ৰী সমূহ বিতৰণ কৰে।এই বিতৰণ কাৰ্যত অসম বিজ্ঞান সমিতিৰ দিখৌমুখ শাখাৰ সম্পাদক তথা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দিব্যজ্যোতি বৰা, খনাখোকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিৰেণ কুমাৰ নেওগ , একেখন বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তৃপ্তি বৰা গৌৰীসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক, সাংবাদিক ৰাজীৱ দত্ত,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমাজকৰ্মী গিতালী নাথকেকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে সাহাৰ্য সামগ্ৰী সমূহৰ ভিতৰত মমবাতি, ছেনিটেৰী নেপকিন,ডেটল, ফেনাইল,ব্লিচিং পাউদাৰ, চাবোন,শিশু খাদ্য জুইশালা আদি অন্যতম।

Leave a Reply

Your email address will not be published. Required fields are marked *