...

শিৱসাগৰৰ বন্যাৰ্তক সাহাৰ্য প্ৰদান

শিৱসাগৰৰ বন্যাৰ্তক সাহাৰ্য প্ৰদান

এইচ ডি এফ চি বেংক, চেন্ট্ৰেল মাৰ্কেট শাখাৰ

দিখৌমুখ,২৫জুলাইঃ

ৰাজ্যৰ শেহতীয়া প্ৰলংকৰী বানত ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বৰ্নাত্য ৰইজৰ মাজত এইচ৷ ডি এফ চি বেংক শিৱসাগৰ চেন্ট্ৰেল মাৰ্কেট শাখাৰ কৰ্মচাৰী বৃন্দই সাহাৰ্য প্ৰদান অভিযান অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাবে কালি সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই জিলাখনৰ তিনিটাকৈ অন্যতম ক্ষতিগ্ৰস্থ অঞ্চলত খাদ্যৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে৷ জানিব পৰা মতে বিত্তীয় প্ৰতিস্থানটোৰ দলটোৱে শিৱসাগৰৰ বেতবাৰী, বগৰিতল, ভাধৰা, হাঁহচৰা, শুকানপুখুৰী আদি অঞ্চলৰ কেইবা শতাধিক বানাক্ৰান্ত ৰাইজৰ মাজত খিছিৰি, পানীৰ বটল, ব্ৰেড-বিস্কুট, মহিলাৰ চেনিটাৰী পেড আদি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াই৷ প্ৰতিস্থানটোৰ এই সাহাৰ্য প্ৰদানকাৰী দলটোত ক্লাষ্টাৰ হেদ অনুপম কলিতা, চেন্ট্ৰেল মাৰ্কেট শাখাৰ শাখা পৰিচালক আাইচেংমুঙ ৰাজকুমাৰ, শাখাটোত থকা ডব্লিউ বি অ’ৰ ইউনিট হেদ বিষ্ণু শৰ্মা, এছ এল আই শাখাৰ পৰিচালক অমৰ ফুকন, বাণিজ্যিক যান-বাহন ঋণ শাখাৰ চেলছ্ মেনেজাৰ অনুপল দূৱৰী, সংশ্লিষ্ট শাখাৰ কৰ্মচাৰী ৰিতুৰাজ দত্ত, বেংকৰ সহ কৰ্মচাৰী লুনা বৰুৱা, খনীন্দ্ৰ ডেকা, ব্যক্তিগত যান-বাহন ঋণ শাখাৰ চেলছ্ মেনেজাৰ সঞ্জয় মহন, সংশ্লিষ্ট শাখাৰ কৰ্মচাৰী বিশ্বজিৎ বড়া আৰু চানু বৰুৱাই অশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে চৰকাৰী তথ্য অনুসৰি বৃহত্তৰ শিৱসাগৰ জিলাতেই সাম্প্ৰতিক বানত ৩.৭৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে যদিও বৰ্তমানলৈ ক্ষতিগ্ৰস্ত প্ৰায় ৩০ শতাংশ লোকৰ কাষলৈ সাহাৰ্যকাৰী দল যাব পৰা নাই৷ এনে পৰিপ্ৰেক্ষিতত এইচ ডি এফ চি বেংক চেন্ট্ৰেল মাৰ্কেট শাখাই বানপীড়িতক সাহাৰ্য প্ৰদানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে৷ ইফালে শাখাটোৰ পৰিচালক আইচেমুঙ ৰাজকুমাৰে প্ৰয়োজনত আৰ্তজনক সহায়ৰ বাবে সংশ্লিষ্ট বিত্ত প্ৰতিস্থানৰ কৰ্মচাৰী সকলক ভৱিষ্যতলৈও সাজু থাকিব জানিবলৈ দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *