পোপ লিঅ’ চতুৰ্দশৰ নতুন নিযুক্তি
গুৱাহাটীৰ ক’এডজুটৰ আৰ্চবিশপ ড° আলবাৰ্ট হেমৰম ডিব্ৰুগড়ৰ বিশপ
চাইন অন ডেস্ক,১৬জুলাই:
ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী পোপ লিঅ’ চতুৰ্দশে ডিব্ৰুগড় ডায়’চিছৰ বিশপ ড° আলবাৰ্ট হেমৰমক গুৱাহাটী মেট্ৰ’পলিটান আৰ্চডায়’চিছৰ ক’এডজুটৰ আৰ্চবিশপ হিচাপে নিযুক্তি প্ৰদান কৰিছে।ভেটিকানে বৃহস্পতিবাৰে এই নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰে। এই নিযুক্তিৰ জৰিয়তে গুৱাহাটীৰ বৰ্তমানৰ আৰ্চবিশপ জন মূলাচিৰাৰ পিছত আৰ্চডায়’চিছৰ নেতৃত্ব গ্ৰহণৰ সম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে বিশপ হেমৰমক মনোনীত কৰা হৈছে। ৫৭ বছৰীয়া বিশপ আলবাৰ্ট হেমৰমৰ জন্ম ১৯৬৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড় ডায়’চিছৰ অন্তৰ্গত কনাপাথাৰত হৈছিল। তেওঁ ডিব্ৰুগড়ৰ ছেইণ্ট জ’ছেফছ মাইনৰ ছেমিনাৰীত পুৰোহিত জীৱনৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰাৰ পিছত শ্বিলঙৰ খ্ৰিষ্ট দ্য কিং কলেজ আৰু অৰিয়েন্স থিয়’লজিকেল কলেজত দৰ্শন আৰু ধৰ্মতত্ত্ব অধ্যয়ন কৰে। ১৯৯৯ চনৰ ২৫ এপ্ৰিলত তেওঁ ডিব্ৰুগড় ডায়’চিছৰ পুৰোহিত হিচাপে অভিষিক্ত হয়।ইয়াৰ পিছত তেওঁ ২০০৩ চনত বেংগালুৰুৰ ছেইণ্ট পিটাৰ্ছ পণ্টিফিকেল ইনষ্টিটিউটৰ পৰা ক্যানন ল’ বিষয়ত লাইচেন চিয়েট ডিগ্ৰী লাভ কৰাৰ লগতে ২০১৪ চনত ৰোমৰ পণ্টিফিকেল লেটেৰান বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। পুৰোহিত হিচাপে দীৰ্ঘ কৰ্মজীৱনত তেওঁ ১৯৯৯ৰ পৰা ২০০১ চনলৈ ৰাজাবাৰীস্থিত ছেইণ্ট ফ্ৰান্সিছ অৱ আছিছি গীৰ্জাত সহকাৰী পেৰিছ পুৰোহিত হিচাপে সেৱা আগবঢ়ায়। ২০০৩ৰ পৰা ২০০৬ চনলৈ ডিব্ৰুগড়ৰ ছেইণ্ট জ’ছেফছ মাইনৰ ছেমিনাৰীত প্ৰিফেক্ট অৱ ষ্টাডিজ হিচাপে দায়িত্ব পালন কৰাৰ পিছত ২০০৬ৰ পৰা ২০১১ চনলৈ ৰাজাবাৰী পেৰিছৰ পেৰিছ পুৰোহিত আৰু একে সময়তে শ্বিলঙৰ অৰিয়েন্স থিয়’লজিকেল কলেজত অতিথি অধ্যাপক হিচাপেও কৰ্মৰত আছিল।২০১১ চনৰ পৰা ২০১৩ চনলৈ ৰোমত ডক্টৰেট গৱেষণা সম্পূৰ্ণ কৰি দেশলৈ উভতি অহাৰ পিছত তেওঁ ডিব্ৰুগড় ডায়’চিছৰ ডায়’চিছান ট্ৰাইবুনেলৰ জুডিচিয়েল ভিকাৰ আৰু ছেইণ্ট জ’ছেফছ মাইনৰ ছেমিনাৰীৰ ৰেক্টৰ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ উপৰিও তেওঁ কলেজ অৱ কনচাল্টৰ্ছ আৰু প্ৰেছবিটেৰেল কাউন্সিলৰ সদস্য, ডায়’চিছান লেইটি এণ্ড ফেমিলি কমিছনৰ সচিব, ভ’কেচন প্ৰম’টাৰ আৰু অৰিয়েন্স থিয়’লজিকেল কলেজত ক্যানন ল’ৰ অতিথি অধ্যাপক হিচাপেও বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰে।
২০১৮ চনৰ ২ ডিচেম্বৰত পোপ ফ্ৰান্সিছে তেওঁক ডিব্ৰুগড় ডায়’চিছৰ ক’এডজুটৰ বিশপ হিচাপে নিযুক্তি দিয়ে। ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত তেওঁ বিশপ হিচাপে অভিষিক্ত হয় আৰু পিছত বিশপ জোচেফ আইণ্ড, এছডিবি-ৰ অৱসৰৰ পিছত ডিব্ৰুগড় ডায়’চিছৰ পূৰ্ণকালীন বিশপ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।উল্লেখ্য যে, ১৯৯২ চনৰ ১৬ আগষ্টত পোপ ছেইণ্ট জন পল দ্বিতীয়ে গুৱাহাটী ডায়’চিছ প্ৰতিষ্ঠা কৰিছিল। থমাছ মেনাম পাৰামপিল, এছডিবি-য়ে ইয়াৰ প্ৰথম বিশপ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৯৫ চনৰ ১ আগষ্টত ডায়’চিছখনক মেট্ৰ’পলিটান আৰ্চডায়’চিছলৈ উন্নীত কৰা হয়। বৰ্তমান গুৱাহাটী ইক্লেছিয়াষ্টিকেল প্ৰভিঞ্চৰ অধীনত ডিব্ৰুগড়, তেজপুৰ, ডিফু, বঙাইগাঁও, ইটানগৰ আৰু মিয়াও ডায়’চিছসমূহ অন্তৰ্ভুক্ত।নতুন নিযুক্তিৰ পিছত বিশপ আলবাৰ্ট হেমৰমে ডিব্ৰুগড়স্থিত বিশপ হাউছক মুখ্য কাৰ্যালয় হিচাপে বজাই ৰাখি গুৱাহাটীলৈ নিয়মীয়াকৈ যাতায়াত কৰি ক’এডজুটৰ আৰ্চবিশপ হিচাপে নতুন ধৰ্মীয় আৰু প্ৰশাসনিক দায়িত্বসমূহ পালন কৰিব বুলি জানিব পৰা গৈছে। বৰ্তমান গুৱাহাটী আৰ্চডায়’চিছৰ আৰ্চবিশপ জন মূলাচিৰাৰ বয়স ৭৪ বছৰ। চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ মাজভাগত তেওঁ ৭৫ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পিছত কেথলিক গীৰ্জাৰ নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সেই পৰিস্থিতিত বিশপ আলবাৰ্ট হেমৰমে গুৱাহাটী মেট্ৰ’পলিটান আৰ্চডায়’চিছৰ পূৰ্ণকালীন আৰ্চবিশপ হিচাপে দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।ইফালে, তেওঁ গুৱাহাটীৰ আৰ্চবিশপৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড় ডায়’চিছৰ প্ৰশাসনিক ব্যৱস্থা কেনেদৰে পৰিচালিত হ’ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেওঁক ডিব্ৰুগড় ডায়’চিছৰ এপষ্ট’লিক প্ৰশাসক হিচাপে অস্থায়ীভাৱে দায়িত্ব অব্যাহত ৰাখিবলৈ কোৱা হ’ব নে পোপে ডিব্ৰুগড় ডায়’চিছৰ বাবে নতুন বিশপ নিযুক্তি দিব, সেই সম্পৰ্কে ভেটিকানৰ পৰা এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ পোৱা নাই।
Like this:
Like Loading...