...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ নামত ধন সংগ্ৰহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ নামত ধন সংগ্ৰহ

আছুৰ তীব্ৰ প্ৰতিবাদ,তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী

চাইন অন ডেস্ক,১৬জুলাইঃ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি.এড পাঠ্যক্ৰমত আসন প্ৰদান কৰাৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে দীৰ্ঘদিন ধৰি চলাই অহা লাখ লাখ টকাৰ অবৈধ ধন সংগ্ৰহৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়খনৰ ‘জ্যোতি বাটচ’ৰা’ত এক ২ ঘণ্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ছাত্ৰ সংগঠনটোৱে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। প্ৰতিবাদস্থলীৰ পৰা আছুৰ বিশ্ববিদ্যালয় গোটৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে বি.এড পাঠ্যক্ৰমৰ নামভৰ্তিক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এই চক্ৰটোৰ বিৰুদ্ধে তেওঁলোকে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছিল। এই সন্দৰ্ভত আছুৰ তৰফৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতে প্ৰশাসনে স্থানীয় ৰাজাবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উপ-সভাপতি মাধুৰ্য চেতিয়াক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আছুৰ নেতাজনে উল্লেখ কৰা মতে, কাৰাৰুদ্ধ মাধুৰ্য চেতিয়াই ঘটনাৰ সৈতে জড়িত কেইবাজনো ব্যক্তিৰ নাম প্ৰকাশ কৰিছে। ছাত্ৰী সন্থাৰ স্পষ্ট দাবী— এই ভয়ংকৰ কেলেংকাৰী আৰু ধন সংগ্ৰহ চক্ৰৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। দোষী ব্যক্তিজন লাগিলে যিয়েই নহওক বা কোনো ৰাজনৈতিক দলৰ আশ্ৰয়প্ৰাপ্তই নহওক কিয়, তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ বাবে তেওঁলোকে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

প্ৰতিবাদকাৰী ছাত্ৰ সন্থাৰ নেতৃত্বই আৰক্ষী আৰু জিলা প্ৰশাসনৰ ভূমিকাৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। ঘটনাৰ সন্দৰ্ভত অভিযোগ উত্থাপন হোৱাৰ ১০ টা দিন পাৰ হৈ যোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে এক ‘সোপা-ঢিলা’ নীতি গ্ৰহণ কৰি সমগ্ৰ বিষয়টো গাপ দিবলৈ চেষ্টা চলাইছে বুলি আছুৱে সন্দেহ প্ৰকাশ কৰিছে। এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে প্ৰশাসনক সকীয়াই দি আছুৱে কয় যে এনে ঢিলা নীতি কোনো কাৰণতে সহ্য কৰা নহ’ব। বিশ্ববিদ্যালয়খনৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো অত্যন্ত ক্ষিপ্ৰ আৰু স্বচ্ছ কৰিবলৈ আছুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটে জিলা প্ৰশাসনক সজোৰে দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *