...

চামগুৰিৰ ভোমোৰাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড

চামগুৰিৰ ভোমোৰাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড

চাইন অন ডেস্ক,১০জুলাই:

স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল পত্নীৰ।আনহাতে গুৰুতৰভাৱে আহত হয় মাতৃৰ।
পাৰিবাৰিক কন্দলৰ বাবেই চামগুৰিৰ ভোমোৰাগুৰিত পুৱাই সংঘটিত হ’ল এই কৰুন ঘটনা।
বিচনাত শুই থকা অৱস্থাতে পত্নী আৰু মাতৃক দাৰে আক্ৰমন পুত্ৰ তথা স্বামী ৰফিকুল ইচলাম নামৰ ঘাটক জনৰ।
স্বামীৰ দাৰ আক্ৰমণৰ ফলত থিতাতে নিহত হয় পত্নী খুদেজা বেগমৰ।
আনহাতে,মাতৃ মৰজিনা খাটুনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে NMCH লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলিত চামগুৰি আৰু শিৱস্থান আৰক্ষী উপস্থিত হৈ আটক কৰে ঘাটক যুৱক জনক।
যুৱক জনক আটক কৰি হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *