...

চাৰি বছৰে পুনৰ নিৰ্মাণ নহল এখন কাঠৰ দলং !

চাৰি বছৰে পুনৰ নিৰ্মাণ নহল এখন কাঠৰ দলং !

ৰাইজৰ সতে শতাধিক ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

কাছুমাৰা,৬ জুলাইঃ

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা বজাৰ সংযোগী সূঁতি নৈৰ ওপৰত থকা কাঠৰ দলংখন আজি চাৰি বছৰে পুনৰনিৰ্মাণ নোহোৱাত যাতায়াত ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ।জানিব পৰা মতে জিলাখনৰ লোক নিৰ্মাণ বিভাগে কাছুমাৰা বজাৰ-কাছুমাৰা এনছি সংযোগী সূঁতি নৈত প্ৰায় ৯৮ লাখ টকাৰে এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও বিগত ২০২২ বৰ্ষত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীয়ে দলংখন উটুৱাই লৈ যায়।উল্লেখ্য যে সমষ্টিটোৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰস্বৰূপ কাছুমাৰাত আৰক্ষী থানা, আজগৰ আলী মেম’ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছুমাৰা ৰাজ্যিক চিকিৎসালয়, কাছুমাৰা পৰিদৰ্শন বঙলা, বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, এখন সাপ্তাহিক বজাৰসহ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আছে। যাৰ ফলত সম্প্ৰতি কাঠৰ দলংৰ ওপৰেৰে যাতায়াত ব্যাহত হৈ থকাত সৰ্বস্তৰৰ ৰাইজক যমৰ যাতনা ভোগাইছে।বিগত চাৰি বছৰে উক্ত কাঠৰ দলংখন মেৰামতি তথা পুনঃনিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষকৰ লগতে প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইনক দাবী কৰি অহাৰ পিছতো আজিলৈকে কোনো সুফল পোৱা নাই। দলংখন মেৰামতি ও পুনৰ নিৰ্মাণৰ কাম নকৰা বাবেই আজি অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম যমৰ যাতনা ভূগিবলগা হৈছে।লোক নিৰ্মাণ বিভাগৰ চুড়ান্ত অৱহেলাৰ বাবে দলংখন পুনৰনিৰ্মাণ নোহোৱাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে। উল্লেখযোগ্যযে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে বিভাগীয়ভাৱে Br-No-1/1 কাছুমাৰা- আণ্ডাভাঙ্গা পথত প্ৰায় আঠকোটি পঞ্চাশ লাখ টকাৰে পকী দলং নিৰ্মাণ কৰাৰ বাবে নিবিদা গ্ৰহণ কৰিছিল যদিও আজিলৈকে পকী দলং নিৰ্মাণতো দূৰৰে কথা ভাঙি যোৱা কাঠৰ দলং খনো পুনৰনিৰ্মাণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। এনে পৰিস্থিতিত বিগত কেবা বছৰৰ দৰে এইবাৰো সম্প্ৰতি বাৰিষাৰ সময়ত উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজৰ লগতে ৬-৭ খন চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ প্ৰায় কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে নাৱেৰে ভাড়া ভৰি এক বিপদসংকূল পৰিবেশৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে । তদুপৰি এনে যাতায়াত ব্যৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজে ৰোগী আৰু গৰ্ভৱতী মহিলাসকলক লৈ ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ।বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইনেও বিগত চাৰি বছৰে সূঁতি নৈখনৰ ওপৰৰ দলংখন মেৰামতি ও পুনৰ নিৰ্মাণৰ পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।শীঘ্ৰে অঞ্চলটোৰ ৰাইজে লক্ষাধিক লোকৰ সুচল পথ যাতায়াতৰ বাবে উক্ত স্থানত এটি পকী দলং নিৰ্মাণ কৰিবলৈ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে লোকনিৰ্মাণ বিভাগক দাবী জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *