...

২ এপ্ৰিলত ভোট গ্ৰহণঃ কাৰ দখললৈ যাব এইবাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ

Spread the love

২ এপ্ৰিলত ভোট গ্ৰহণঃ কাৰ দখললৈ যাব এইবাৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ

৪ এপ্ৰিলত ফলাফলঃকা’ৰ হব ৰাজপাট ?

চাইন অন ডেক্সঃ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মঙলবাৰৰ পুৱা ভাগৰ পৰাই ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী সকল।

উল্লেখযোগ্য যে, মুঠ ৩৬ টা সমষ্টি আছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদত। ইয়াৰে ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। এই নিৰ্বাচনত মুঠ ৪ লাখ ৪৫ হাজাৰ ৫৮৬ গৰাকী ভোটাৰে ভোট দান সাব্যস্ত কৰিব।

২ এপ্ৰিল ২০২৫ বুধবাৰে এই নিৰ্বাচনৰ ভোট গ্ৰহণ পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ অনুষ্ঠিত হ’ব। মুঠ ভোটাৰৰ ২ লাখ ১৬ হাজাৰ ১৮১ গৰাকী পুৰুষ ভোটাৰ। গোৱালপাৰা জিলাত সৰ্বাধিক ২ লাখ ৫৪ হাজাৰ ৬৪৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ১৫ মাৰ্চ ২০২৫ ৰ পৰা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বাচনী প্ৰচাৰক মুখ্যমন্ত্ৰী

ড০হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াকে ধৰি বহু হাই প্ৰফাইল নেতাই অংশ লোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ পূৰ্বৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই সন্মিলিতভাৱে এনডিএ ৰ বেনাৰত অংশ লৈছিল। সেই নিৰ্বাচনত ৩৬ টা সমষ্টিৰ ভিতৰত ৩ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

এইবাৰ বিজেপিয়ে ৬ টা আৰু ৰাভা হাছং যৌথ মঞ্চই ৩০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে। নিৰ্বাচনৰ পৰিৱেশ আৰু ৰাইজৰ প্ৰতিক্ৰিয়াৰ পৰা জানিব পৰা মতে, প্ৰায় এক পক্ষীয় হ’ব এই নিৰ্বাচন যুঁজ।

কামৰূপ জিলাৰ অন্তৰ্গত সমষ্টি কেইটামানত বিৰোধী কংগ্ৰেছৰ উপস্থিতি লক্ষ্য কৰা হৈছে যদিও গোৱালপাৰা জিলাৰ অন্তৰ্গত সমষ্টি সমূহৰ বিশেষ প্ৰভাৱ পেলাব পৰা নাই বিৰোধীয়ে। ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী সকলে টিভি চিনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী সকলে এই নিৰ্বাচনত পদুম ফুলৰ চিহ্ন লৈ এই যুঁজত অৱতীৰ্ণ হৈছে।

৩৬ টা সমষ্টিৰ ভিতৰত ২৫ টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত। ৬ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ১১ টা সমষ্টি সংৰক্ষণমুক্ত। মুঠ ৬৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত এই নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

ভোট গ্ৰহণ হোৱাৰ এদিনৰ পাছতে অৰ্থাত ৪ এপ্ৰিল ২০২৫ ত হ’ব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ভোট গণনা। বৰ্তমান ৰাভা হাছং যৌথ মঞ্চ আৰু বিজেপিৰ দখলত আছে এই স্বায়ত্ব শাসিত পৰিষদ।

Leave a Reply

Your email address will not be published. Required fields are marked *