...

তিনিচুকীয়াত পথ দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ

তিনিচুকীয়াত পথ দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ

১৮ বছৰৰ অনুৰ্ধৰ শিক্ষাৰ্থীৰ বাহন চলোৱাত নিষেধাজ্ঞা জাৰি জিলা প্ৰশাসনৰ

তিনিচুকীয়া, ২৫ জুনঃ

তিনিচুকীয়া জিলাত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ভয়াবহ পথ দুৰ্ঘটনা, গুৰুতৰ আঘাত আৰু মৃত্যুৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তিনিচুকীয়াৰ জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষই এক চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ সকলো স্কুল, কলেজ আৰু শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষৰ বাবে এক কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। শীঘ্ৰে কাৰ্যকৰী হ’বলগীয়া এই নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

চৰকাৰী নিৰ্দেশনামা (নম্বৰ: TPL.330/2004/PT-II/) অনুসৰি, পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ শিক্ষানুষ্ঠানসমূহক এই নিয়মসমূহ আখৰে আখৰে পালন কৰিবলৈ কোৱা হৈছে। কেৱল সেয়াই নহয়, প্ৰতি ১৫ দিনৰ মূৰে মূৰে শিক্ষানুষ্ঠানসমূহে এই নিৰ্দেশনা পালনৰ সচিত্ৰ ভৌগোলিক প্ৰমাণসহ প্ৰতিবেদন জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব।

কোনো পৰিস্থিতিতে ১৮ বছৰৰ কম বয়সৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে দুচকীয়া বাহন বা গাড়ী চলাই শিক্ষানুষ্ঠানলৈ আহিব নোৱাৰিব। ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত বৈধ ড্ৰাইভিং লাইচেন্স থকাটো বাধ্যতামূলক। দুচকীয়া বাহন আৰোহীৰ লগতে পিছফালে বহা যাত্ৰীৰ (Pillion Rider) বাবেও আই.এছ.আই (ISI) মাৰ্কযুক্ত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।

শিক্ষানুষ্ঠানৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ বাহন চলাচলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ প্ৰয়োজনীয় স্থানসমূহত চিচিটিভি (CC Camera) কেমেৰা স্থাপন কৰিব লাগিব।

নিয়ম উলংঘা কৰা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকক চিনাক্ত কৰি শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে পথ সুৰক্ষা সম্পৰ্কে বিশেষ কাউঞ্চেলিং কৰিব লাগিব।

পথ সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থী আৰু অভিভাৱকসকলক সজাগ কৰিবলৈ বিভিন্ন অভিনৱ আৰু সৃষ্টিশীল পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই নিৰ্দেশনা তৎকালীনভাৱে বলবৎ কৰা হৈছে। এই নিৰ্দেশৰ কপি ইতিমধ্যে জিলাখনৰ শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, মাকুম আৰু ডিগবৈৰ সমজিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া আৰু জিলা পৰিবহন বিষয়ালৈ কঠোৰভাৱে ৰূপায়ণ কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও, তিনিচুকীয়াৰ বিদ্যালয় পৰিদৰ্শকক জিলাখনৰ প্ৰতিখন শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ আৰু ইয়াৰ সঠিক পালন নিশ্চিত কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *