২০২৫ চনত ভাৰত বিশ্বৰ আগশাৰীৰ জাহাজ পুনঃব্যৱহাৰৰ দেশ হিচাপে পৰিগণিত হৈছে
ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ জাহাজ পুনঃব্যৱহাৰৰ অংশীদাৰিত্ব ২০২৫ চনত ৩৫.৪% লৈ উন্নীত হৈছে
নতুন দিল্লী, ২৩ জুন ২০২৬:
ভাৰতে ২০২৫ চনত বিশ্বৰ শীৰ্ষ জাহাজ পুনঃব্যৱহাৰকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলন (UNCTAD)-ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী জাহাজ পুনঃব্যৱহাৰত ভাৰতৰ অংশীদাৰিত্ব 
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত চৰকাৰে গ্ৰহণ কৰা সামুদ্রিক নীতি সংস্কাৰ আৰু ব্যৱসায় কৰাৰ সহজতা (Ease of Doing Business) পদক্ষেপৰ ফলতেই এই ঐতিহাসিক সাফল্য
এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “বিশ্বৰ শীৰ্ষ জাহাজ পুনঃব্যৱহাৰকাৰী দেশ হিচাপে ভাৰতৰ উত্থান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গ্ৰহণ কৰা ধাৰাবাহিক নীতি সংস্কাৰ, নিৰন্তৰ প্ৰচেষ্টা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিতন্ত্ৰ তথা সুৰক্ষা মান অনুসৰণৰ সফল প্ৰতিফলন। ইয়াৰ জৰিয়তে ভাৰতে দায়িত্বশীল আৰু বহনক্ষম জাহাজ পুনঃব্যৱহাৰৰ এক বিশ্বজনীন প্রাণকেন্দ্ৰ হিচাপে অধিক শক্তিশালী স্থান দখল কৰিছে।”
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ :
হংকং সন্মিলনৰ গুৰুত্ব:
২০১৯ চনত ভাৰত চৰকাৰে “ Recycling of Ships Act প্ৰণয়ন কৰি জাহাজ পুনঃব্যৱহাৰ ক্ষেত্ৰক হংকং আন্তঃৰাষ্ট্ৰীয় সন্মিলন (HKC)-ৰ মান অনুসৰি গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰে। ১১৫টা 
শ্বিপ-ব্রেকিং ক্রেডিট ন’ট আঁচনি (Ship-breaking Credit Note Scheme):
এই আঁচনিৰ অধীনত জাহাজৰ মালিকসকলে পুনঃব্যৱহাৰ কৰা জাহাজ স্ক্রেপ মূল্যৰ ৪০% সমমূল্যৰ ক্রেডিট ন’ট লাভ কৰে।
ইউৰোপীয়ান ইউনিয়ন জাহাজ পুনঃব্যৱহাৰ নীতি (EUSRR) :
ভাৰতীয় জাহাজ পুনঃব্যৱহাৰ কেন্দ্ৰসমূহক ইউৰোপীয় ইউনিয়নৰ অনুমোদিত তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে সক্ৰিয়ভাৱে প্ৰচেষ্টা চলাই আছে।
বিমকোৰ তথ্য অনুসৰি, অহা ১০ বছৰত বিশ্বজুৰি ১৬,০০০ৰো অধিক জাহাজ পুনঃব্যৱহাৰ কৰা হ’ব৷ বৰ্তমানৰ ৩৫.৪% বজাৰ অংশীদাৰিত্বৰ ভিত্তিত ভাৰতে বছৰি প্ৰায় ৫০০ৰ পৰা ৬০০খন
জাহাজ পুনঃব্যৱহাৰ কৰাৰ সক্ষমতা লাভ কৰিব বুলি আশা কৰা হৈছে৷