ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰতে ভয়ানক লুণ্ঠন : ২৭ লাখ টকা মূল্যৰ সোণৰ চেইন লৈ পলায়ন কৰে চিলনী চোৰ
চাইন অন ডেস্ক,২২জুন:
ৰাজ্যৰ অন্যতম তথা বিশেষভাবে সুৰক্ষিত বুলি বিবেচিত ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰতে কালি দিনদুপৰতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ লুণ্ঠন কাণ্ড।যি কাণ্ডই সমগ্ৰ নিৰাপত্তা ব্যৱস্থাটোকে ভেঙুচালি কৰা যেন 

আজি সংঘটিত এই লুণ্ঠিত সোণৰ চেইন দুডালৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২৭ লাখ টকা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দৰে অতি সংবেদনশীল আৰু সুৰক্ষিত এলেকাত এনে দু:সাহসিক অপৰাধ সংঘটিত হোৱাত জিলা প্ৰশাসন আৰু আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
ইতিমধ্যে ভুক্তভোগী হৃষীকেশ গোস্বামীয়ে এই ঘটনাৰ সন্দৰ্ভত মিলন নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে। এতিয়া এই দুঃসাহসিক কাণ্ডত জড়িত দুৰ্বৃত্তক কিমান শীঘ্ৰে কৰায়ত্ত কৰিব পাৰি, সেয়া হৈ পৰিছে লক্ষ্যণীয়।
