ডিব্ৰুগড়ত প্ৰতিভাবান ফুটবলাৰক জিলা ক্ৰীড়া সন্থাৰ সামগ্ৰী বিতৰণ
চাইন অন ডেস্ক,২২জুন:
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই জিলাখনৰ এগৰাকী প্ৰতিভাৱান ফুটবল খেলুৱৈ দীক্ষু মৰাণক ফুটবল খেলৰ সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে, দীক্ষুৱে সদ্য সমাপ্ত চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাত
শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল। জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই প্ৰতিযোগিতাত ঘোষণা কৰিছিল যে শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত ফুটবলাৰ গৰাকীক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে পুৰস্কৃত কৰা হব। এই উদ্দেশ্যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক কামাখ্যা শইকীয়া, কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, কোষাধ্যক্ষ প্ৰণৱ সোনোৱাল, যুটীয়া সম্পাদকদ্বয় ক্ৰমে অঞ্জন বৰুৱা আৰু কল্যাণ হাজৰিকা, ফুটবল বিভাগৰ চেয়াৰমেন শঙ্কৰ দাস আৰু বেডমিণ্টন সম্পাদক সুনীল গগৈৰ উপস্থিতিত টিংখং শলগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ দীক্ষু মৰাণক দুযোৰ ফুটবল বুটকে ধৰি অন্যান্য সামগ্ৰীৰ লগতে এবছৰৰ তেওঁৰ ফুটবল একাডেমীৰ বছৰেকীয়া মাচুল প্ৰদান কৰা হয়। দীক্ষু শলগুৰি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ।
Like this:
Like Loading...