...

জনপ্ৰিয় কণ্ঠশিল্পী ৰুমী গোস্বামীৰ

জনপ্ৰিয় কণ্ঠশিল্পী ৰুমী গোস্বামীৰ

 

‘তুমি জানানে’ শীৰ্ষক অডিঅ’ ভিডিঅ’ গীত উন্মোচন

চাইন অন ডেস্ক,২২জুন:

ডিব্ৰুগড় সাহিত্য সভা ভৱনত এক সুৰম্য আৰু আবেগঘন পৰিৱেশৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পী ৰুমী গোস্বামীৰ নতুন অডিঅ’-ভিডিঅ’ গীত ‘তুমি জানানে’-ৰ শুভ উন্মোচন অনুষ্ঠান। সংগীতপ্ৰেমী আৰু সাহিত্যপ্ৰেমীৰ উপস্থিতিত মুখৰিত হৈ উঠা অনুষ্ঠানটোৱে ডিব্ৰুগড়ৰ সাংস্কৃতিক পৰিসৰত এক বিশেষ মূহূৰ্তৰ সৃষ্টি কৰে। কণ্ঠশিল্পী চন্দন পাঠকে আঁত ধৰা উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অনুবাদক দেৱী প্ৰসাদ বাগড়োদিয়া, বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈ, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু সাংবাদিক ৰাতুল বুঢ়াগোহাঁই উপস্থিত থাকি গীতটোৰ অডিঅ’ আৰু ভিডিঅ’ এলবামটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত এই গীত উন্মোচনী অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শিক্ষয়ত্ৰী ঝৰ্ণা শইকীয়া, শিল্পী ভূৱন গগৈ, বিশিষ্ট ফটোগ্ৰাফাৰ দেৱাশীষ গগৈ , নিৱন্ধকাৰ সুমন দত্ত, জেষ্ঠ সাংবাদিক জ্যোতিষ পাতিৰকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত অতিথিসকলে গীতটোৰ সুৰ, বাণী আৰু ভিডিঅ’ৰ উপস্থাপনাৰ প্ৰশংসা কৰাৰ লগতে ইয়াৰ অন্তৰ্নিহিত অনুভৱ আৰু ভাবধাৰা সন্দৰ্ভতো নিজৰ মতামত আগবঢ়ায়।
‘তুমি জানানে’ শীৰ্ষক গীতটো মূলতঃ প্ৰকৃতি, প্ৰেম, অনুভূতি আৰু মানৱীয় আৱেগৰ সূক্ষ্ম প্ৰকাশেৰে সমৃদ্ধ। গীতটোৰ বাণী আৰু সুৰে শ্ৰোতাৰ মন স্পৰ্শ কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত অতিথিসকলে। বিশেষকৈ বৰ্তমানৰ যান্ত্ৰিক জীৱনত এনে হৃদয়স্পৰ্শী গীতৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁলোকে উল্লেখ কৰে।
অনুষ্ঠানত বক্তব্য ৰাখি বহুজনেই কয় যে সংগীত কেৱল বিনোদনৰ মাধ্যম নহয়, ই সমাজৰ মানসিকতা, সংস্কৃতি আৰু আবেগৰ প্ৰতিফলন। ৰুমী গোস্বামীৰ এই নতুন গীতটোৱে সংগীতপ্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিব বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, বৰ্তমানৰ যুৱ প্ৰজন্মৰ অতি জনপ্ৰিয় সংগীতশিল্পী নীল আকাশৰ সংগীতগুৰু হিচাপে ৰুমী গোস্বামীৰ বিশেষ পৰিচয় আছে। দীৰ্ঘদিন ধৰি সংগীতৰ ক্ষেত্ৰত সাধনা কৰি অহা ৰুমী গোস্বামীৰ এই নতুন সৃষ্টি সংগীত জগতত পুনৰ এক নতুন অধ্যায় সংযোজন কৰিব বুলি অনুষ্ঠানত উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *