বিষ্ণু ৰাভা দিৱসত ৩ লেখকক সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্বৰ্ধনা
চাইন অন ডেস্ক,২১জুনঃ
বিগত বৰ্ষৰ দৰে এইবাৰো নিয়মীয়া কাৰ্যসূচী অনুসৰি সোনোৱাল কছাৰী সাহিত্য সভাই দিনযোৰা কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্যাপন কৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনীস্থিত দীঘলীবিল উচ্ছ মাধ্যমিক বিদ্যালয়ত৷ সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতি আৰু চাচনী শাখা তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই দিৱসৰ মুকলি সভাত চাচনী অঞ্চলটোৰ অৱসৰী শিক্ষক তথা দহখনকৈ গ্ৰন্থৰ প্ৰণেতা নৱকান্ত শইকীয়া আৰু সোনোৱাল জনজজাতিৰ কথিত ভাষাৰ বিশিষ্ট লেখিকা সূৰ্যকান্তি বড়া [হিড়িম্বা]ক অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু মানপত্ৰৰে সন্মানিত কৰা হয়৷ অৱশ্যে ইয়াৰে ডিব্ৰু কলেজৰ গল্প প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গল্পকাৰ, নৱপ্ৰজন্মৰ লেখক লোহিত মাণিকীয়াল সভাত অনুপস্থিত থাকে৷ সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোনোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত বিষ্ণুপ্ৰসাদ ৰাভৰ জীৱন-কৃতি আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা আদি ভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায় নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, ড॰ বলিন সন্দিকৈ আৰু আমন্ত্ৰিত অতিথি তথা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ মেদিনী হাজৰিকাই৷ সভাৰ প্ৰকাশন সচিব ৰতন হাজৰিকাই আঁতধৰা সভাখনিৰ উদ্দেশ্য আৰু সাহিত্য সভাৰ কাম-কাজ সম্বলিত বিষয়ক বক্তব্য আগবঢ়ায় মুখ্য সম্পাদক মৃদুল সোনোৱালে৷ অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ সোনোৱালে আদৰণী ভাষণ প্ৰদান কৰা সভাত সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰধান সচিব চন্দন সোনোৱাল, সোনোৱাল কছাৰী কালচাৰেল ছ’চাইটিৰ মুখ্য সচিব ভক্তিপ্ৰসাদ সোনোৱাল, চাচনী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ভৱেশ সোনোৱাল, নাহৰকটীয়া কলেজৰ অধ্যাপক ড॰ পৰেশ খনিকৰ, সোনোৱাল কছাৰী সাহিত্য সভাৰ উপসভাপতি ড॰ লব ৰাম সোনোৱাল, মণিদীপা লালোৱাৰী, সুমন্ত বড়া, সম্পাদক ড॰ তুলসী সোনোৱাল, প্ৰশান্ত বড়া, সাংস্কৃতিক সম্পাদক মহানন্দ সোনোৱালৰ লগতে কেন্দ্ৰীয় সমিতিৰ সদস্যবৃন্দ, স্থানীয় বহুজন বিশিষ্ট ব্যক্তিসহ তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ আনহাতে মুকলি সভাৰ পূৰ্বে পুৱাৰ ভাগত ৰাভাৰ প্ৰতিচ্চবিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে সভাপতি মোহন সোনোৱাল আৰু জিলা সমিতিৰ সভাপতি দিব্য সোনোৱালে৷ শিক্ষাৰ্থীৰ মাজত আয়োজন কৰা চিত্ৰাংকন, বিষ্ণু ৰাভা সম্পৰ্কীয় বক্তৃতা আৰু বিষ্ণুৰাভা সংগীত গায়ন প্ৰতিযোগিতা মুকলি কৰে দীঘলীবিল উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জটিল নাহৰডেকাই৷ লগতে শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক সাৰুৱা বক্তব্য আগবঢ়ায় সভাৰ উপসভাপতি ড॰ লব ৰাম সোনোৱালে৷
Like this:
Like Loading...