...

জ্যোতি সংগীতৰ ধ্বনিৰে মুখৰিত ‘জ্যোতিতীৰ্থ’

জ্যোতি সংগীতৰ ধ্বনিৰে মুখৰিত ‘জ্যোতিতীৰ্থ’

 

জন্মগৃহ সংৰক্ষণ আৰু ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ দাবী

চাইন অন ডেস্ক,১৮জুনঃপৰ্যটন

অসমৰ সাংস্কৃতিক জগতৰ দিগন্তপ্ৰসাৰী নক্ষত্ৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২৪ সংখ্যক জন্ম দিৱস উপলক্ষে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাস্থিত ঐতিহাসিক জন্মগৃহ ‘জ্যোতিতীৰ্থ’ত ডিব্ৰুগড় সাহিত্য সভাই এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।অসমীয়া সাহিত্য, সংগীত, নাট্য, চলচ্চিত্ৰ আৰু জাতীয় চেতনাৰ অনন্য পথপ্ৰদৰ্শক ৰূপকোঁৱৰৰ স্মৃতিত অনুষ্ঠিত এই অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া, সাহিত্য-সংস্কৃতি অনুৰাগী, তামোলবাৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত অসমৰ জাতীয় জীৱনৰ খনিকৰ জনৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই আৰু উপ-সভাপতি যাদৱ গগৈয়ে।সংগীত শিল্পী তথা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত জ্যোতি সংগীতৰ প্ৰশিক্ষক ভুৱন গগৈয়ে ৰূপকোঁৱৰৰ জীৱন, কৰ্ম আৰু সৃষ্টিশীল অৱদানৰ বিষয়ে আলোকপাত কৰে। তদুপৰি তেওঁ কেইবাটাও কালজয়ী জ্যোতি সংগীত পৰিৱেশন কৰাৰ লগতে ইংৰাজী আৰু হিন্দী ভাষাতো কেইবাটাও জ্যোতি সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। জ্যোতি সংগীতৰ সুৰেৰে মুখৰিত হৈ উঠে সমগ্ৰ ‘জ্যোতিতীৰ্থ’ৰ পৰিৱেশ। অনুষ্ঠানত তামোলবাৰী চাহবাগিছা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও সংগীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে ১৯০৩ চনৰ ১৭ জুন তাৰিখে তামোলবাৰী চাহ বাগিচাৰ এই ঐতিহাসিক বাসগৃহতেই জন্মগ্ৰহণ কৰিছিল অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতি জগতৰ অন্যতম শ্ৰেষ্ঠ মনীষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। আজিও এই বাসগৃহত সংৰক্ষিত হৈ আছে তেওঁৰ ব্যৱহৃত বহু মূল্যৱান আচবাব-পত্ৰ আৰু স্মৃতিচিহ্ন। উল্লেখযোগ্য যে,বিশিষ্ট সাহিত্যিক দেৱী প্ৰসাদ বাগৰোদিয়াই ব্যক্তিগত প্ৰচেষ্টাৰে বহু বছৰ ধৰি জ্যোতিপ্ৰসাদৰ জন্মগৃহ আৰু ইয়াৰ ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ চেষ্টা চলাই আহিছে। কিন্তু চৰকাৰী পৰ্যায়ত প্ৰয়োজনীয় সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত এতিয়াও দৃশ্যমান অগ্ৰগতি দেখা পোৱা নাই।ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ আৰু সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে কয় যে ৰূপকোঁৱৰৰ আদৰ্শ, চিন্তা আৰু সৃষ্টিৰ পোহৰে আগন্তুক প্ৰজন্মক সদায় পথ প্ৰদৰ্শন কৰি যাব। তেওঁলোকে অসম চৰকাৰক তামোলবাৰীৰ এই ঐতিহাসিক জন্মভূমি সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে বিকশিত কৰাৰ বাবে শীঘ্ৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে উল্লেখ কৰে যে অসমৰ সাংস্কৃতিক ইতিহাসৰ এক অমূল্য সম্পদ হিচাপে ‘জ্যোতিতীৰ্থ’ক সংৰক্ষণ কৰাৰ উপৰি ইয়াক গৱেষণা, অধ্যয়ন আৰু সাংস্কৃতিক চর্চাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে। সেই উদ্দেশ্যে তামোলবাৰীত অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এক শাখা স্থাপন, থলুৱা কলা-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ গঢ়ি তোলা আৰু স্থানটোক ৰাজ্যৰ অন্যতম ঐতিহাসিক পৰ্যটনস্থলী হিচাপে বিকশিত কৰাৰ দাবীও উত্থাপন কৰে।
অনুষ্ঠানত সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্ত, প্ৰাক্তন আছু নেতা খগেন দত্ত, সাংবাদিক টমাছ বুঢ়াগোহাঁই, প্ৰাঞ্জল গগৈ, ৰক্তিম গগৈ, কাৰ্যনিবাহক ৰাহুল মণ্ডল সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ৰূপকোঁৱৰৰ জন্ম দিৱসত ডিব্ৰুগড় সাহিত্য সভাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তামোলবাৰীৰ জ্যোতিতীৰ্থৰ সংৰক্ষণ, উন্নয়ন আৰু সাংস্কৃতিক-ঐতিহ্যভিত্তিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিশেষ আঁচনি গ্ৰহণৰ আহ্বান জনায়। বক্তাসকলে কয়, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এই অমূল্য সম্পদ সংৰক্ষণ কৰাটো কেৱল চৰকাৰৰ দায়িত্বই নহয়, সমগ্ৰ অসমবাসীৰ নৈতিক কৰ্তব্য।

Leave a Reply

Your email address will not be published. Required fields are marked *