ডিব্ৰুগড়ত থলুৱা মাছৰ বিলুপ্তি ?
নিশেষ হব থলুৱা মাছ !
চাইন অন ডেস্ক,১০জুনঃ
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা অঞ্চলত থলুৱা মাছৰ সংখ্যা বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন বৃহত্তৰ বৰবৰুৱাৰ অন্তৰ্গত অঞ্চলত থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা এসময়ত নৈ , বিল, পুখুৰী, জলাশয়ত ভৰি আছিল যদিও যোৱা প্ৰায় দুটা দশক জুৰি থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে। বিশেষকৈ ব্ৰক্ষ্মপুত্ৰ বুঢ়ীদিহিং আৰু চেঁচা নদীৰ উপত্যকাবৰ্তী বৰবৰুৱাৰ অঞ্চলৰ জলাহভূমি, বিল, জলাশয় বিলাকত পূৰ্বতকৈ থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা হ্ৰাস পাই আহিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লেজাই, কলাখোৱা, বগীবিল, গৰুধৰীয়া, কোটোহা, জামিৰা, বৰবৰুৱা, ডুলীয়া কাকতি, লেকাই, বৰ পথাৰ,জকাই, আদি অঞ্চল সমূহৰ বিল, পুখুৰী, জলাশয়ত আৰু ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং আৰু চেঁচা নদীৰ কাষৰীয়া বিল, জলাশয়ত পূৰ্বতকৈ থলুৱা প্ৰজাতিৰ মাছ, কাছৰ সংখ্যা হ্ৰাস পাই আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। স্থানীয় ৰাইজৰ মতে জলাশয়, বিল, পুখুৰী, তথা নদী কাষৰীয়া জলাহভূমিৰ জলাশয় বোৰত থলুৱা প্ৰজাতিৰ মাছৰ বিলুপ্তি ঘটাৰ প্ৰকৃত কাৰণ, পৰ্যবেক্ষণ,
বিজ্ঞানসন্মত আঁচনি, পৰিকল্পিত বিত্তীয় বিনিয়োগ, জৈৱ বৈচিত্ৰ্য আৰু জলসম্পদ সংৰক্ষণ, আন্তঃগাথঁনিৰ উন্নয়ন, বুঢ়ীদিহিং নদীত অত্যাধিক ঢেকীঁজাল, প্ৰজনন ক্ষম অৱস্থাত মাছ ধৰাকে ধৰি বিভিন্ন কাৰণত থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ গৰৈ, চেঙেলী, কাৱৈ, মাগুৰ, শল, শাল, পুঠি, খলিহনা, এলেং, চেলকনা, কৰতী, গেদগেদী, মোৱা বৰিয়লা, পাতি মোতোৰা, আদি থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা বুঢ়ীদিহিং, চেঁচা, ব্ৰহ্মপুত্ৰৰ উপত্যকাবৰ্তী বৰবৰুৱাৰ অঞ্চলত হ্ৰাস পোৱা দেখা গৈছে। আনহাতে বিল, পুখুৰী তথা জলাশয় সমূহত প্ৰজনন ক্ষম অৱস্থাত কণীযুক্ত মাছ ধৰা, জলজ উদ্ভিদ যেনে কলমৌ, পুণি, মেটেকা, ভেট আদিয়ে মাছৰ আশ্ৰয়, বাসভূমি হিচাপে জৈৱ বৈচিত্ৰ্য সুৰক্ষিত ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে যদিও একাংশ অসাধু চক্ৰই ৰাসায়নিক পদাৰ্থ মিহলাই ঢালি মাছ ধৰাৰ পৰিপ্ৰেক্ষিতত জলজ উদ্ভিদৰ জৈৱিক শক্তি নাই কিয়া হোৱাৰ ফলত মাছৰ বিলুপ্তি আৰু মৃত্যুৰ বিভীষিকা, মৎস্য ক্ষেত্ৰসমূহ সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ ক্ষেত্ৰত ব্যাঘাট হোৱা কাৰক সমূহে থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা হ্ৰাস পোৱা অন্যতম প্ৰধান কাৰণ বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। প্ৰধানকৈ মাছ
ধৰিবলৈ ব্যৱহাৰ কৰা জাল, নদী আৰু ডাঙৰ বিল,জলাশয়ত অধিক ঢেকীঁজাল ব্যৱহাৰ, প্ৰজনন ক্ষম সময়ত কণীযুক্ত মাছ ধৰা কাৰ্য, তথা বিহ দি মাছ নিধন কৰাৰ ফলত মাছ থকা পুখুৰী বা জলাশয়ৰ সম্পূৰ্ণ জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ পৰাৰ পৰিপ্ৰেক্ষিতত যোৱা দুটা দশকত বৰবৰুৱা অঞ্চলত থলুৱা প্ৰজাতিৰ মাছৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে প্ৰাকৃতিক জলাশয়, বিল, পুখুৰী, তথা নদ নদীৰ মাছৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ, বুঢ়ীদিহিং আৰু চেঁচা নদীত ঢেকীঁজাল ব্যৱহাৰ বন্ধ কৰা, প্ৰজনন ক্ষম অৱস্থাত মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা, সম্ভাৱনা সম্পন্ন জলাশয়, বিল,পুখুৰীত মৎস্য পালনৰ বাবে অৰ্থনৈতিক স্বাৱলম্বিতা গঢ়ি তোলা, পৰিকল্পিত বিত্তীয় বিনিয়োগ, আন্তঃগাথঁনিৰ উন্নয়ন, মৎস্য পালনৰ আগ্ৰহী মীন পালকৰ বাবে আঁচনি আৰু বিত্তীয় ব্যৱস্থা গ্ৰহণ কৰি থলুৱা প্ৰজাতিৰ মাছৰ বিলুপ্তিৰ পৰা সুৰক্ষিত, সংৰক্ষিত কৰিবলৈ স্থানীয় ৰাইজে অসম চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰীৰ প্ৰতি দাবী জনাইছে।
Like this:
Like Loading...