ঢাৰিকাটি মধ্য ইংৰাজী বিদ্যালয় তহিলং কৰিলে বন্যহস্তীয়ে
চাৰিদুৱাৰ অঞ্চলত বন্যহস্তী-মানৱৰ সংঘাত
বালিপৰা,৯ জুন:
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলত বন্যহস্তী আৰু মানৱৰ সংঘাত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে । খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা জাক-জাক বন্যহস্তীয়ে অঞ্চলবাসী ৰাইজৰ নিদ্ৰাহৰণ কৰি অহাটো এক নিত্য-নৈমিত্তিক কাৰ্যত পৰিণত হৈছে । অঞ্চলটোৰ বিভিন্ন স্থানত বন্যহস্তীৰ তাণ্ডৱ চলি অহাৰ মাজতে যোৱানিশা বন্যহস্তীয়ে ভাঙি তহিলং কৰে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল


