...

অৱসৰপ্ৰাপ্ত অভিযন্তা দিলীপ বৰুৱাৰ দিল্লীত মৃত্যু

অৱসৰপ্ৰাপ্ত অভিযন্তা দিলীপ বৰুৱাৰ দিল্লীত মৃত্যু

চাইন অন ডেস্ক,৪জুন:

ডিব্ৰুগড় মহানগৰৰ বৈৰাগীমঠৰ নিৱাসী দিলীপ বৰুৱাৰ (৭৬) কালি দিল্লীৰ যকৃত আৰু পিত্ত বিজ্ঞান সংস্থানত শেষ নিশ্বাস ত্যাগ কৰে। বায়ু আৰু পানী প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অভিযন্তা পদৰ পৰা ২০১১ চনত অৱসৰ গ্ৰহণ কৰা বৰুৱা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আক্ৰন্ত হৈ যকৃতৰ ৰোগত গুৰুতৰভাবে আক্ৰন্ত হয় আৰু কালি পুৱা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। শোণিতপুৰ জিলাৰ ধলাইবিলত জন্ম গ্ৰহন কৰা বৰুৱাই প্ৰাথমিক শিক্ষা ধলাইবিলত গ্ৰহন কৰাৰ পাছত গুৱাহাটীত হাইস্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটীত উচ্চ শিক্ষা গ্ৰহন কৰি প্ৰদুষণ পৰিষদত যোগদান কৰে। ২০১১ চনত অৱসৰ গ্ৰহণ কৰাৰ প্ৰয়াত বৰুৱাই বৃহত্তৰ পদুম নগৰ নামঘৰৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত থকাৰ লগতে স্থানীয় অন্যান্য একাধিক সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল।অতি অমায়িক আৰু মৃদুভাষী বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলায়। ইফালে কালি বিয়লি দিল্লীৰ নিগমবোধ শ্মশানত পৰিয়ালৰ আৰু শুভাকাংখী উপস্থিতিত শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ,জী-জোঁৱাই আৰু ভালেসংখ্যক আত্মীয়-স্বজন আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *