...

ডিব্ৰুগড় জিলা কুর্মি সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা

ডিব্ৰুগড় জিলা কুর্মি সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা

 

জ্যোতি প্রসাদ কানৈক ‘জ্ঞানশ্রী’ বঁটা
‘সময়ৰ সদ্ব্যৱহাৰ সফলতাৰ মূল ছাবি-কাঠি’: অধ্যক্ষ ড° শইকীয়া

চাইন অন ডেস্ক,১জুন:

‘সময়ৰ সদ্ব্যৱহাৰ সফলতাৰ মূল ছাবি-কাঠি। সময়ক উপযুক্তভাৱে ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি।’ ডিব্ৰুগড় জিলা কুর্মি সমাজ, ডিব্ৰুগড় জিলা কুর্মি যুৱ ছাত্ৰ পৰিষদ আৰু ডিব্ৰুগড় জিলা কুর্মি মহিলা পৰিষদৰ যৌথ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত ২০২৫-২৬ বৰ্ষৰ ডিব্ৰুগড় জিলা কুর্মি সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বর্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক তথা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ কর্মসূর্য ড° শশীকান্ত শইকীয়াই আজি এইদৰে কয়। অধ্যক্ষ ড° শইকীয়াই সফলতাৰ বিভিন্ন দিশ উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰমৰ অতি প্রয়োজন। ডিব্ৰুগড় জিলা কুর্মি সমাজৰ সম্পাদক জগত কুর্মিয়ে আঁত ধৰা অনুষ্ঠানটিত অধ্যক্ষগৰাকীয়ে কয়- কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰি। তেওঁ কয়- সদায় জ্ঞান আহৰণৰ ভোকত থাকিব লাগে, জ্ঞান আহৰণৰ ভোকেহে এজন মানুহক প্রকৃত সফলতা লাভত সহায় কৰে। ডিব্ৰুগড় জিলা কুর্মি সমাজৰ সভাপতি হৰিৎ কুমিয়ে সভাপতিত্ব কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষ ৰাজু গোপালে উপস্থিত সম্বর্ধিত ছাত্র-ছাত্রীসকলক উদ্যোগিক প্রতিষ্ঠানত অধ্যয়নৰ বিভিন্ন সুবিধাৰ বিষয়ে বহুখিনি কথা অৱগত কৰে। বৰহাট ভৱানী প্ৰসাদ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক বাৰিন্দ্ৰ দাসে উপস্থিত ছাত্র-ছাত্রীসকলক ভৱিষ্যত জীৱনত ল’ব লগা সাৱধানতা আৰু বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে ছাত্র-ছাত্রীসকলক জীৱনত সফলতা লাভৰ বিভিন্ন উপায় সম্পর্কে অৱগত কৰে। পুৱা পতাকা উত্তোলণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত স্মৃতি তর্পণৰ লগতে প্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছব্বিত মাল্যাপণ কৰা হয়। টিমনা গাঁও সভাৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতৰ পিছতে বিশিষ্ট সমাজকর্মী তথা জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সঞ্চালক জ্যোতি প্রসাদ কানৈক ‘জ্ঞানশ্রী’ বঁটাৰে সন্মানিত কৰে। উল্লেখযোগ্য যে , বিশিষ্ট সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈয়ে ডিব্ৰুগড়ৰ শিক্ষা আৰু সমাজ জীৱনলৈ মুক্ত সস্তে বহু অৱদান আগবঢ়োৱা বাবে তেওঁলৈ সামাজিক স্বীকৃতি হিচাপে ‘জ্ঞানশ্ৰী’ সন্মান প্ৰদান কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম কুর্মি সমাজৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্রবীন কুর্মি, এচ কে এচ ইংলিছ একাডেমী লাহোৱালৰ স্বত্তাধিকাৰী দয়াদন্দ শ্বাহ, অসম চাহ জনজাতি ছাত্র সন্থা ডিব্রুগড় জিলাৰ সভাপতি বিমল বাগে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি মননশীল বক্তব্য প্রদান কৰে। উল্লেখ্য যে ডিব্ৰুগড় জিলা কুর্মি সমাজৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত তিনিগৰাকী ছাত্র-ছাত্রী ক্রমে- ৰিদিপ কুর্মি, লীনা কুৰ্মি আৰু সুকণ্যা কুর্মিক বিশেষ সম্বর্ধনা আৰু ভৱিষ্যত শিক্ষা জীৱনৰ বাবে আর্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে ডিব্ৰুগড় জিলাৰ প্ৰায় ডেৰ শতাধিক কৃর্তী ছাত্র-ছাত্রীক সম্বর্ধনা জনোৱা হয়।জগত কুৰ্মীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, অসম কুর্মি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ডিম্বশ্বৰ কুৰ্মি, চাহ জনগোষ্ঠী জাতীয় মহাসভা ডিব্ৰুগড় জিলাৰ সভাপতি মন্তুষ কুর্মি, এচ কে এচ ইংলিছ একাডেমী লাহোৱালৰ সঞ্চালিকা মুন শ্বাহ, অসম কুর্মি মহিলা পৰিষদৰ উপ-সভানেত্রী বেলিমাই কুর্মি। উক্ত অনুষ্ঠানতে ৰক্তদান কৰা তিনিগৰাকী ৰক্তদাতা ক্ৰমে ৰাজু কুর্মি, পোনা কুর্মি আৰু অজয় কুর্মিক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে ডিব্ৰুগড় জিলা কুর্মি সমাজৰ সম্পাদক জগত কুর্মিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *