...

জনজাতীয় গৰিমা উৎসৱ ২০২৬ৰ অংশ হিচাপে

জনজাতীয় গৰিমা উৎসৱ ২০২৬ৰ অংশ হিচাপে

ডিব্ৰুগড়ত ‘জন ভাগীদাৰী’ অভিযানৰ শুভাৰম্ভ

চাইন অন ডেস্ক,১৮ মে’:

ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা আৰু PVTG/জনজাতীয় হিতাধিকাৰীসকলৰ বাবে লাভালাভ নিশ্চিত কৰাৰ লক্ষ্যৰে, ডিব্ৰুগড় জিলাত আজি দেশজোৰা অভিযান “জন ভাগীদাৰী – সবসে দূৰ সবসে পহলে” আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

এই সন্দৰ্ভত, আজি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়া সকলৰ উপস্থিতিত ডিব্ৰুগড়ৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈৰ পৌৰোহিত্যত এই শুভাৰম্ভ কাৰ্যসূচী আৰু সমন্বয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰণমূলক কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

জিলাখনত এই অভিযান সফলতাৰে ৰূপায়ণৰ বাবে সকলো সংশ্লিষ্ট বিভাগকে পূৰ্ণ সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হয়। অনুমোদিত সূচী অনুসৰি, ডিব্ৰুগড় জিলাত ১৮ মে’ৰ পৰা ২৫ মে’, ২০২৬ লৈ এই অভিযান চলোৱা হ’ব। ইয়াৰ কাৰ্যসূচী অনুসৰি ১৮ মে’ত অৰিয়েণ্টেশ্যন আৰু শুভাৰম্ভ কাৰ্যসূচী, ১৯ৰ পৰা ২৫ মে’ লৈ কল্যাণকামী আঁচনিৰ পৰিপূৰ্ণতা (Saturation) আৰু বৃক্ষৰোপণ অভিযান, ২০ মে’ত ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন কাৰ্যসূচী, ২১ ৰ পৰা ২৩ মে’লৈ জন শুনানি তথা অভিয়োগ প্ৰতিকাৰ শিবিৰ, ২৪ মে’ত নথিপত্ৰ আৰু প্ৰগতি প্ৰতিবেদন প্ৰস্তুতকৰণ, আৰু ২৫ মে’ত পৰ্যালোচনা তথা সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় অনুষ্ঠিত হ’ব।

এই অভিযানে দৈনিক ভিত্তিত গাঁও পৰ্যায়ত হিতাধিকাৰী সন্মিলন শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰ, স্বাস্থ্য পৰীক্ষা, চিকেল চেল (Sickle Cell) পৰীক্ষা আৰু অন্যান্য প্ৰাপ্য কল্যাণকামী সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। কোনো যোগ্য হিতাধিকাৰী যাতে বঞ্চিত নহয়, তাৰ বাবে আটাইতকৈ দূৰৱৰ্তী জনজাতীয় বাসস্থানসমূহৰ ওচৰলৈ যোৱাত বিশেষ গুৰুত্ব দিয়া হ’ব। এই গুৰুত্বপূৰ্ণ পদক্ষেপটো সফল কৰি তুলিবলৈ জিলা প্ৰশাসনে সকলো সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আৰু অংশীদাৰসকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু অৰিহণা যোগাবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *