...

ফ্ৰেব্ৰিক ডিজাইন ডেভলপমেণ্ট এণ্ড দ্ৰাইয়িং প্ৰশিক্ষণ শিৱিৰ মুকলি

ফ্ৰেব্ৰিক ডিজাইন ডেভলপমেণ্ট এণ্ড দ্ৰাইয়িং প্ৰশিক্ষণ শিৱিৰ মুকলি

বংশৰত শিপিনীৰ পাচদিনীয়া প্ৰশিক্ষণ শিৱিৰত দেৱজিৎ গোস্বামী

শুৱালকুছি,১৮মে’:

শিপিনী সকলে বছৰ বছৰ ধৰি দেশ-ৰাজ্যৰ অৰ্থনৈতিক দিশ সৱল কৰাত এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে ৷ কৃষিৰ পিছতে হস্ততাঁত বস্ৰ শিল্পই দেশৰ অৰ্থনৈতিক দিশ টনকীয়াল কৰাত গুৰুত্বপূৰ্ণ স্হান দখল কৰি আহিছে ৷ সেয়েহে দেশৰ বস্ৰ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ শিপিনী সকলক উৎসাহিত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আচনি প্ৰৱৰ্তন কৰি আহিছে ৷ এই মন্তব্য ৰাজনৈতিক বিশ্লেষক তথা ’স্কৰপিঅন’ (SCORPION) সচিব দেৱজিৎ গোস্বামীৰ ৷ স্হানীয় শিপিনী সকলক সকাহ দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই অসমৰ অন্যতম এন জি অ ’স্কৰপিঅন’এ বংশৰত আয়োজন কৰা শিপিনীৰ ফ্ৰেব্ৰিক ডিজাইন ডেভলপমেণ্ট এণ্ড দ্ৰাইয়িং প্ৰশিক্ষণ শিৱিৰ এটা আজি আনুস্থানিকভাবে মুকলি কৰি তেওঁ পুনৰ কয় যে, উক্ত শিৱিৰ ব্ৰহ্মপুত্ৰ সেতু প্ৰকল্প-২ ৰ অধীনত কৰা হৈছে ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা পলাশবাৰী-শুৱালকুছি দলং নিৰ্মাণ কাৰ্যত ইতিমধ্যে যি সকলৰ মাটি বাৰী দলং নিৰ্মাণৰ বাবে এৰি দিব লগা হৈছে সেই সকল পৰিয়ালক কিছু সকাহ দিয়াৰ বাবেই ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ সহযোগত প্ৰশিক্ষণ শিৱিৰটি অনুস্হিত কৰা হৈছে ৷ প্ৰশিক্ষণৰ অন্তত শিপিনী সকলক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াব বুলি তেওঁ আশ্বাস প্ৰদান কৰে ৷ এই পাচদিনত উপস্থিত সকলো শিপিনীকে অতি মনযোগৰে প্ৰশিক্ষণ গ্ৰহণ কৰি কাৰিকৰী বিদ্যাৰে নিজৰ হাত টনকীয়াল কৰি পৰৱৰ্তী দিনত নিজাকৈ উদ্যোগ স্হাপন কৰি অৰ্থনৈতিক দিশত পৰিয়াল সমুহক সকাহ দিব পাৰিব বুলিও তেওঁ দোহাৰে ৷ তেওঁ পুনৰ কয় যে এতিয়া সকলোতে নতুন প্ৰযুক্তি আহিছে ৷ গতিকে পৰম্পৰা ধৰি ৰাখি কাম কৰিলে ফলৱতী হোৱাৰ আশা ক্ষীণ ৷ সেয়েহে নতুন প্ৰযুক্তিক লৈ কিছু কিছু কাম কৰিব লাগিব ৷ তেতিয়াহে শিল্প, উদ্যোগ আজি বাচি থাকিব ৷ সভাত উপস্থিত থাকি হেণ্ডলুম ৰিচাৰ্চ ডেভেলপমেণ্ট চেন্টাৰৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গোস্বামীয়ে এই প্ৰশিক্ষণত প্ৰাকৃতিক ভাৱে ৰং কৰা, মাৰ্কেটিংৰ কেনেদৰে কৰা হব আদি বিষয় সাঙুৰী লোৱা হব ৷ তেওঁ পুনৰ কয় যে শিপিনী পঞ্জীয়নৰ বাবেও ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হব যাতে প্ৰকৃত শিপিনীয়ে চৰকাৰৰ সুবিধা সমুহ লাভ কৰিব পাৰিব ৷ উদ্বোধনী অনুস্থানত ব্ৰহ্মপুত্ৰ সেতু প্ৰকল্প -২ ৰ লগত জড়িত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা সৌম্য দাস গুপ্তা, সহকাৰী অভিযন্তা চাজাদ জাহিৰ, টেকনিকেল তপন কুমাৰ চৌধুৰী, মাস্টাৰ উইভাৰ শৈলেন ডেকা, মহেন্দ্ৰ দাস,ধনজিৎ বৈশ্য, সেতু প্ৰকল্প – ২ৰ প্ৰজেক্ট সমন্বয়ক অভিজিত বৈশ্য, দীপজ্যোতি শৰ্মা, মৃণাল কান্তি কলিতা, প্ৰাক্তন আছুনেতা তথা সমাজকৰ্মী অজিত দাস, গাওঁ প্ৰধান কেশৱ বৈশ্য আৰু মানৱ নাথ উপস্থিত থাকে। প্ৰশিক্ষণ শিৱিৰত বংশৰ, বাথান আৰু শুৱালকুছিৰ ৬২ গৰাকী শিপিনী উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *