...

দুৰ্বৃত্তই কাটিলে মূল্যবান শালগছ শিমলীতোলা বৰপথাৰত নিশা দুৰ্বৃত্তৰ কাণ্ড

দুৰ্বৃত্তই কাটিলে মূল্যবান শালগছ

শিমলীতোলা বৰপথাৰত নিশা দুৰ্বৃত্তৰ কাণ্ড

নগৰবেৰা,১৭মে’:

প্ৰতিকুল বতৰৰ সুযোগ ল’লে দুস্কৃতিকাৰীয়ে ,নিশাৰ আন্ধাৰত কাটিলে কেবাডালকৈ মুল্যবান শালগছ।গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰ শালবাৰীত চলিছে দুস্কৃতিকাৰীৰ তাণ্ডৱ।যোৱা নিশাৰ প্ৰৱল বৃষ্টিপাতৰ মাজতেই কোনোবাই শালবাৰীৰ কেবাডালকৈ শালগছ গুৰিতে কাটি দিয়ে যদিও নিশা সৰকাব নোৱাৰিলে ,পুৱাৰ ভাগত গছ কটা দেখি ৰাইজৰ মাজত হাহাকাৰ লাগে।অৱশেষত সংৰক্ষণ সমিতিৰ লোকে বন বিভাগক খৱৰ দিয়ে আৰু ঘটনাস্থলীত শিমলীতোলা খণ্ড বন কাৰ্যালয়ৰ এটা দল উপস্থিত হৈ কটা গছবোৰ টুকুৰা কৰি কাৰ্যালয়লৈ নিয়াৰ দিহা কৰে।আগলৈ সকলোৱে বনবিভাগক গছবোৰ সংৰক্ষণত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে ,দুস্কৃতিকাৰীৰ এনে গছকটা কাণ্ডক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ স্বৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *