...

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পদক্ষেপক আদৰণি

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ পদক্ষেপক আদৰণি

সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ

চাইন অন ডেস্ক,১৪ মে’:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপসমূহক শ্ৰদ্ধাপূৰ্ণ শুভেচ্ছা আৰু আদৰণি জনাইছে সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনে। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে চৰকাৰৰ বিভিন্ন জনহিতকৰ আঁচনি আৰু সামাজিক সংস্কাৰমূলক অভিযানৰ শলাগ লয়।সন্মিলনৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত দাস আৰু সাধাৰণ সম্পাদক গৌৰীশংকৰ দাসে যুটীয়াভাৱে প্ৰকাশ কৰা বিবৃতিটোত উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে “বিকশিত অসম”ৰ সপোন বাস্তৱায়িত কৰিবলৈ যি দূৰদৰ্শিতাৰ পৰিচয় দিছে, সেয়া প্ৰতিজন অসমপ্ৰেমীৰ বাবে গৌৰৱৰ বিষয়। বিশেষকৈ “ড্ৰাগছ মুক্ত অসম” আৰু “বাল্যবিবাহ মুক্ত অসম”ৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে চৰকাৰে আৰম্ভ কৰা আপোচবিহীন সংগ্ৰামক এক মহান সামাজিক আন্দোলন হিচাপে অভিহিত কৰিছে সংগঠনটোৱে।

প্ৰেছ বিবৃতিটোৰ জৰিয়তে সন্মিলনে চৰকাৰৰ প্ৰতি এক বিশেষ আহ্বান জনাইছে। সামাজিক ন্যায় আৰু সকলো শ্ৰেণীৰ সম-প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ স্বাৰ্থত অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়কসকলৰ মাজৰ পৰা কমেও তিনিজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে অনুৰোধ জনায়। ইয়াৰ ফলত ৰাজ্যখনৰ পিছপৰা শ্ৰেণীৰ ৰাইজ অধিক উপকৃত হ’ব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে।

বিবৃতিটোৰ শেষত সন্মিলনৰ মুখ্য উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকা আৰু উপদেষ্টা বলেন্দ্ৰ দাসেও মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সুস্বাস্থ্য কামনা কৰি অসমক দেশৰ ভিতৰতে এখন স্বাৱলম্বী আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাত চৰকাৰ সফল হ’ব বুলি আশা ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *