ম’হঘূলি চাপৰিত একেলগে থাকিব ‘সুধাকণ্ঠ’ আৰু ‘লুইত কণ্ঠ’
জুবিন গাৰ্গ বিশেষ মুখপত্ৰ ‘বিহুৱান’ উন্মোচন
ঢকুৱাখনাৰ ম’হঘূলি চাপৰিৰ পৰা পুলকজ্যোতি বৰা, ৯ মে’ঃ জাতি জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত পৰিণত হৈ পৰিল ঢকুৱাখনাৰ ম’হঘূলি চাপৰি।ঢোল-পেঁপাৰ মাতত কঁপি উঠিল চাৰিকড়ীয়াৰ নৈৰ পাৰৰ ম’হঘূলি চাপৰিৰ ফাটবিহু বাকৰি।ঢকুৱাখনাবাসীৰ পাৰহীন উছাহ আৰু আনন্দৰ মাজেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ ২০২৬ বৰ্ষৰ ফাটবিহুক কেন্দ্ৰ কৰি আজি দ্বিতীয় দিনাও সৃষ্টি হয় উখল-মাখল পৰিৱেশৰ।ঢকুৱাখনাৰ আয়ুসৰেখাস্বৰূপ চিৰপ্ৰবহমান চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি পুৱাতেই গোট খালেহি হাজাৰ হাজাৰ মানুহ।পৰম্পৰাগত জাতীয় সাজপাৰ পৰিহিত বিহুবলিয়া ৰাইজৰ সমাগমেৰে চালে চকুৰোৱা হৈ পৰিল ম’হঘুলি চাপৰি।
এক অপূর্ব শোভাৰে পুলকিত হ’ল বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলী ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰি।জাতীয় সাজপাৰেৰে ভূষিত হৈ আহিছে সকলো।মুগাৰ সাজেৰে ৰাংঢালী নাচনী ঢপলিয়াই আহিল চাৰিকড়ীয়া পাৰৰ বিহু বাকৰিলৈ।ঢুলীয়াৰ ঢোলৰ গুমগুমনিত উখল-মাখল হৈ পৰিল ম’হঘুলি চাপৰি।অহা নাই কোন…? প্ৰতিটো প্ৰজন্মৰ বাবেই যেন ফাটবিহু আপোন।
গাভৰুৰ পৰা বৃদ্ধালৈ।কোনেও এৰা নাই ফাটবিহুৰ মোহ।কনিষ্ঠক হাতত ধৰি জেষ্ঠজনে লালন কৰিছে ফাটবিহুৰ ঐতিহ্য।পৰম্পৰা অনুসৰি শনিবাৰে পুৱাই বিহু বাকৰিত কপৌফুল ৰুপনেৰে দ্বিতীয়া দিনাৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে শিক্ষাবিদ তুলসী প্ৰসাদ শইকীয়াই।ইয়াৰ পিছতে অনুষ্ঠিত হয় গামোচা প্ৰতিযোগিতা।আদৰ্শ শিপিনী মৌচুমী মহন্তই উদ্ধোধন কৰা আকৰ্ষণীয় প্ৰতিযোগিতাখনত শিপিনীসকলে শালত বোৱা ভিন্নৰঙী গামোচাই বিহুতলীত শোভাবৰ্ধন কৰে।দুপৰীয়ালৈ ফাটবিহুৰ মূল মঞ্চত অনুষ্ঠিত হয় পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকলয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগুৱে।
প্ৰতিযোগিতাখন উদ্ধোধন কৰাৰ পিছতেই পুৱাৰ পৰাই গমগমাই থকা বিহু বাকৰিত পুনৰবাৰ উঠিল বিহুনামৰ অপূৰ্ব উজান। বিয়লিলৈ উন্মোচন কৰা হয় ফাটবিহুৰ বছৰেকীয়া প্রকাশ ‘বিহুৱান’। সাংবাদিক ৰাজীৱ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিশেষ এইবৰ্ষৰ ‘বিহুৱান’ উন্মোচন কৰে বোকাখাত জেডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে