বকো ছয়গাওঁ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজু মেচক
বৃহত্তৰ নগৰবেৰা বাসীৰ আৰ্জি
নগৰবেৰা,৬মে’:
অৱশেষত কামৰূপৰ বকো ছয়গাওঁ বিধান সভা সমষ্টিত অকল্পনীয় ,অবিশ্বাস্য ভাবে পোনপ্ৰথমবাৰৰ বাবে বিজয় সাৱ্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ,যুৱনেতা ৰাজু মেচে।মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ আশীষধন্য হৈ সমষ্টিবাসীয়ে লাভ কৰিলে এগৰাকী জনদৰদী দূৰদৰ্শী যুৱ প্ৰতিনিধি ,সমষ্টিবাসীয়ে সৰৱে-নীৰৱে সৰ্বত্ৰ উদযাপন কৰিছে বিজয়োৎসৱ। সমষ্টিটোৰ অন্যান্য প্ৰান্তৰ দৰে বৃহত্তৰ নগৰবেৰা বাসীয়েও নৱনিৰ্বাচিত বিধায়ক ৰাজু মেচলৈ বিজয়ৰ শুভাশীষ
যচাঁৰ সমান্তৰালকৈ শপত গ্ৰহণৰ পূৰ্বেই দাখিল কৰিছে সমস্যা সমাধানৰ দীঘলীয়া আৰ্জি। শইচে-মৎস্যে অনুপম মফচলীয় চহৰ নগৰবেৰা ঠাইখনৰ আজিও আন্তঃগাঁথনি তথৈবচ। বিশেষকৈ ৰাস্তা-ঘাটৰ আহুকলীয়া অৱস্থাৰ বাবেই স্বৰাজোত্তৰ কালচোৱাত তুলনামূলক ভাবে বহিঃজগতৰ বাকী ঠাইবোৰৰ তুলনাত বহু পিছপৰি ৰ’ল নগৰবেৰা অঞ্চলটো। নগৰবেৰাৰ পৰা গুৱাহাটী-গোৱালপাৰালৈ যাবলগীয়া হ’লে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা পথ তিনিটা ক্ৰমে- ধুপধৰা-নগৰবেৰা ,মন্দিৰা হেকৰা নগৰবেৰা আৰু প্ৰতিবেশী গোৱালপাৰা জিলাৰ ৰংজুলি শিমলীতোলা হৈ নগৰবেৰা ,উক্ত পথ সমূহৰ এটাও সুগম নথকাত ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে।প্ৰতিটো পথেই ইমানেই বিধ্বস্ত যে ৰাষ্ট্ৰীয় ঘাইপথলৈ প্ৰায় পোন্ধৰ-বিশ কিঃ মিঃ দূৰত্বৰ পথ তিনিটা অতিক্ৰম কৰিবলৈ ডেৰ-দুই ঘণ্টাৰ প্ৰয়োজন হয়।বাৰিষা ৰাজপথ বোকা-পানীৰে পৰিপূৰ্ণ হোৱাৰ বিপৰীতে খৰালি আকৌ ধুলি ধূসৰ হৈ ৰয় প্ৰতিটো পথ ,ৰাজপথ ভাঙি চূচুৰ্মৈ হৈ পৰিছে।মুঠতে স্বৰাজোত্তৰ কালৰে পৰা নগৰবেৰা বাসীৰ সুগম যাতায়তৰ সোঁভাগ্য নহ’ল। সেয়ে পৰিবৰ্তনৰ আশাত নিৰ্বাচনত ৰাইজে বিপুল ভোটেৰে জয়ী কৰালে বিজেপি দলৰ প্ৰাৰ্থী ৰাজু মেচক।পূৰ্বৰ প্ৰতিগৰাকী বিধায়কৰ উদাসীনতাৰ বাবেই পথসমূহ আজিকোপতি উন্নীতকৰণৰ দিহা নোহোৱাৰ অভিযোগ ৰাইজৰ।আনহাতে শাসকীয় পক্ষৰ সমষ্টিৰ
বিধায়ক গৰাকী অতবছৰে নথকাৰ বাবেই ৰাইজ উন্নয়ন বঞ্চিত হ’বলগীয়া হোৱা বুলি ভাবি থকাৰ মাজতেই এইবাৰ শাসকীয় পক্ষৰেই যিহেতু বিধায়ক গৰাকী নিৰ্বাচিত হ’ল সেই সূত্ৰেই ৰাইজে সুগম যাতায়তৰ উপহাৰ পাব বুলি আশাবাদী আৰু উৎফুল্লিত।ৰাজু মেচক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি সমষ্টিবাসীৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগক মান্যতা দিবলৈও সাম্ভাৱ্য মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক বিনম্ৰ আবেদন জনাইছে সমষ্টিবাসী ৰাইজে।অনুৰূপ ধৰণেৰে বৃহত্তৰ নগৰবেৰা অঞ্চলৰ ৰাইজে উন্নত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ থকাৰো অভিযোগ সততে।নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এটা আছে যদিও পৰ্যাপ্ত চিকিৎসক নথকা ,স্বাস্থ্যপৰীক্ষাৰ কোনোধৰণৰ অস্ত্ৰোপচাৰ কিম্বা উন্নত সাসুবিধা নথকাৰ ফলত ৰোগীক নিতৌ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী-গোৱালপাৰা নিবলগীয়া হয় বিধ্বস্ত ৰাজপথেৰে।বিগত শতিকাৰ ইং ১৯৯২ চনতেই স্থাপন কৰা প্ৰায় কোটিটকীয়া ব্যয়সাপেক্ষ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন আজিকোপতি ৰহস্যজনক কাৰণত মুকলিয়েই নকৰাত পৰিত্যক্ত গৃহবোৰ ভূতবঙলাতহে পৰিণত হ’ল। একেদৰে জলজলী নদীৰ দলং নিৰ্মাণ ,জামলাই পথাৰত প্ৰতিটো বাৰিষাতেই জলমগ্ন ৰাজপথত উৰণীয়া সেঁতু নিৰ্মাণ ,পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন ,আদিবোৰৰ উপৰি ৰাজহ চক্ৰ এলেকাধীন অ’তত’ত পৰি ৰোৱা চৰকাৰী সংৰক্ষিত ভুমি সমূহৰ জৰীপ ,সংৰক্ষণ আৰু প্ৰয়োজনত সদ্ব্যৱহাৰ আদি বিভিন্ন দিশত যঠেষ্ট কৰণীয় আছে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত।নৱনিৰ্বাচিত বিধায়ক ৰাজু মেচৰ নখদৰ্পণত আছে নগৰবেৰা অঞ্চলৰ প্ৰতিটো সমস্যা উপৰিঞ্চি নিৰ্বাচনী প্ৰচাৰকালতো যুৱ নেতা ৰাজু মেচে ৰাইজে সমস্যা সমূহ সমাধানত অগ্ৰাধিকাৰ দিব বুলি বাৰম্বাৰ ক’ই থৈছে। তেনেস্থলত অতঃবছৰে অৱহেলিত হৈ ৰোৱা অঞ্চলবাসী ৰাইজে শপতগ্ৰহণৰ পূৰ্বেই সমস্যা সমাধানৰ আৰ্জি দাখিল কৰিছে নৱনিৰ্বাচিত বিধায়ক গৰাকীলৈ। যুৱনেতা ,জনজাতীয় প্ৰতিনিধি ৰাজু মেচ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি অনগ্ৰসৰ সমষ্টিবাসীক বিশেষ মান্যতা দিবলৈও এই আপাহতে ৰাইজে দলীয় নেতৃত্বলৈ বিনম্ৰ আবেদন জনাইছে।
Like this:
Like Loading...