...

ধুবুৰী জিলাত নিশ্চিহ্ন হ’ল এআইইউডিএফ!

ধুবুৰী জিলাত নিশ্চিহ্ন হ’ল এআইইউডিএফ!

গোলকগঞ্জ আৰু বিলাসীপাৰাত বিজয়ী এনডিএ

ধুবুৰী,৫মে’:

বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি বিজেপি তথা বিজেপিৰ সহযোগী দলবোৰে অধিকাংশ সমষ্টিতে বিজয়ী হলেও পূৰ্বৰ দৰে এইবেলিৰ বিধানসভা নিৰ্বাচনতো ধুবুৰী জিলাত সম্পূৰ্ণ এক বিপৰীত ৰাজনৈতিক প্ৰতিচ্ছবি প্ৰতিস্ফূটিত হোৱা দেখা যায়। অৱশ্যে জিলাখনৰ মুঠ ৫ টা সমষ্টিৰ গোলকগঞ্জ আৰু বিলাসীপাৰা বিধানসভা সমষ্টি – এই দুটা সমষ্টিৰ এনডিএ বিজয়ী হয় যদিও ধুবুৰী, গৌৰীপুৰ আৰু বীৰসিং জৰুৱা – এই ৩টাকৈ বিধানসভা সমষ্টিত বিজয় লাভ কৰে কংগ্ৰেছ দলে। তাৎপৰ্যপূৰ্ণ ভাবে এসময়ত এআইইউডিএফ দলৰ দূৰ্গ স্বৰূপ ধুবুৰী জিলাত এইবাৰৰ বিধানসভা নিৰ্বাচনত দলটোৱে এখন আসনতো বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। আনকি, ধুবুৰী আৰু গৌৰীপুৰৰ বিধায়ক তথা এআইইউডিএফ দলৰ প্ৰাৰ্থীদ্বয় নজৰুল হ’ক আৰু নিজানুৰ ৰ’হমান শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ধুবুৰীত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী বেবী বেগমে ১,১৮,৩৬২টা ভোট পাই বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী নজৰুল হ’কে লাভ কৰে মাথো ৪৯,৭০১টা ভোট। ঠিক অনুৰূপে, গৌৰীপুৰ বিধানসভা সমষ্টিতো কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুছ চোবাহান সৰকাৰে ১,৮২,৯৭১ টা ভোট পাই বিজয়ী লাভ কৰে। ইয়াৰ বিপৰীতে, সমষ্টিটোত ধাৰাবাহিক ভাবে ২ বাৰকৈ বিজয়ী হৈ অহা তথা এআইইউডিএফ দলৰ প্ৰাৰ্থী নিজানুৰ ৰ’হমানে ৬৩,৮৭৪ টা ভোট পাই দ্বিতীয় স্থানতে থমকি ৰ’বলগীয়া হয়। আনহাতে, জিলাখনৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীয়ে ১,১৩,৯০১ টা ভোট পাই প্ৰত্যয়িত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন কংগ্ৰেছী নেতা আলী আকবৰ মিঞাঁই ৭৮,০১৬ টা ভোট পাই দ্বিতীয় স্থান পায়। আনহাতে, এআইইউডিএফ দলৰ টিকট নাপাই বীৰসিং জৰুৱা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে থিয় দিয়া ৰেজা আমীনে লাভ কৰে ৬৮,৫৫৬ টা ভোট। উল্লেখ্য যে, ধুবুৰী জিলাত সংখ্যাগুৰু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা একমাত্ৰ বিধানসভা সমষ্টি গোলকগঞ্জত বিজেপি দলৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰে ১,১০,৫৫৩ টা ভোট পাই প্ৰত্যয়িত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কাৰ্তিক ৰায়ে লাভ কৰে ৭৯,৭৫১ টা ভোট। আনহাতে, ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত শাসকীয় মিত্ৰজোঁট অগপ দলৰ জীৱেশ ৰয়ে ৮৫,৯৩৭ টা ভোট পাই বিজয় সাব্যস্ত কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী অমৃত বাদশাই লাভ কৰে ৮৩,২৪৩টা ভোট। ইয়াতে উল্লেখনীয় যে, বিজয় লভাৰ পিছত গোলকগঞ্জৰ নবনির্বাচিত বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু ৰয়ে এয়া তেওঁৰ বিজয় নহয়, নিজৰ নিজৰ সমষ্টিবাসীৰ বিজয় বুলি অভিহিত কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ বিজয় বুলি অভিহিত কৰে। ঠিক অনুৰূপে, বিলাসীপাৰাৰ নব-নিৰ্বাচিত অগপ বিধায়ক জীৱেশ ৰয়ে বিলাসীপাৰা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, সাংবাদিকৰ এক বিশেষ প্ৰশ্নৰ উত্তৰত বিলাসীপাৰাৰ সংখ্যালঘু ভোটাৰ ৰাইজক গাওেঁ গাওেঁ, বুথে বুথে গৈ বহু বুজাবলৈ চেষ্টা কৰিছিল বুলি মন্তব্য আগবঢ়ায়। আনকি নিৰ্বাচনৰ দুই/তিনি দিনৱপূৰ্বেও বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰচাৰ চলোৱা সকলৰ একাংশই তথা দলটোৰ আইটি ছেলে পুৰণি তথা অইন দেশৰ কিছু ফেইক ভিডিঅ’ ক্লিপ সমষ্টিটোক সংখ্যালঘু ভোটাৰ ৰাইজৰ মাজত ভূয়া প্ৰচাৰ চলোৱা বুলিও এক চাঞ্চল্যকৰ বিষয়ে সাংবাদিকৰ সন্মুখত দাঙি ধৰে ৰয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *