পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত ‘উদ্যমিতা বিকাশ সন্মিলন ৪.০ সম্পন্ন
১৯ খন বিপনীত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত বয়বস্তু প্ৰদৰ্শন আৰু বিক্ৰী
পাটাছাৰকুছি,২মে:
বজালী জিলাৰ পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত, আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয়খনত “উদ্যমিতা বিকাশ সন্মিলন ৪.০ আৰু ব’হাগী উৎসৱ উদযাপন” শীৰ্ষক এটি অনুষ্ঠান সফলতাৰে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে মহাবিদ্যালয়খনত এই উদ্যমিতা বিকাশ সন্মিলন উদযাপনে এইবেলি চতুৰ্থ বৰ্ষত ভৰি দিছে৷ অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰি অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্যমিতাৰ পথেৰে দেশ তথা ৰাজ্য গঢ়াৰ সংকল্প লোৱাৰ আহ্বান জনায়। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পতাকা উত্তোলন কৰি উপাধ্যক্ষ ড° জিতেন কুমাৰ ভাগৱতীয়েও বক্তব্য ৰাখে। মূল অনুষ্ঠানৰ উদ্বোধন কৰি সদ্য অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই উদ্বোধনী ভাষণত এই অনুষ্ঠানক মহাবিদ্যালয়খনৰ ভৱিষ্যতৰ বাবে আশাৰ ৰেঙনি বুলি অভিহিত কৰে। ইয়াৰ পাছত ছাত্ৰ একতা সভাৰ সভাপতি হিৰক জ্যোতি ৰাজবংশীৰ দ্বাৰা জুবিন গাৰ্গৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰা হয়৷ উদ্যমিতা মেলাত মুঠ ১৯খন বিপনীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰুৱাভাৱে প্ৰস্তুত কৰা
১২০ৰো অধিক খাদ্য-সামগ্ৰী, হস্ত নিৰ্মিত কলা-শিল্পজাত সামগ্ৰী, সাজ-সজ্জা, অলংকাৰ, গৃহসজ্জাৰ সামগ্ৰী, ঘৰুৱাভাৱে উৎপাদিত শাক-পাচলি আদি প্ৰদৰ্শন তথা বিক্ৰী কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকলৰ লগতে পাটাছাৰকুছিৰ স্থানীয় লোকসকলেও বিপনীসমূহ পৰিদৰ্শন কৰি সামগ্ৰী ক্ৰয় কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে৷ ইয়াৰ পিচতে অনুষ্ঠিত উদ্যমিতা বিকাশৰ সম্বৰ্দ্ধনা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট উদ্যোগী মন্টু ডেকা, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উদ্যোগী হিতেশ ৰয়, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উদ্যোগী উৎসৱ ৰয় আৰু পাঠশালাৰ উদ্যোগী ভাস্কৰ কলিতাক গামোছা আৰু মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ Newsletter খন আনুষ্ঠানিকভাৱে উন্মোচন কৰি পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতাই এটি সাৰুৱা ভাষণ ৰাখে। অসমীয়া বিভাগৰ মুৰব্বী ড° নৱনীতা কলিতাই আঁত ধৰা এই অনুষ্ঠানত সাংবাদিক বিৰাজ কলিতা, সাংবাদিক ৰাণা ডেকাইও নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে মহাবিদ্যালয় পৰিয়ালৰ এই পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ লক্ষ্যেৰে ১৯খন বিপনীৰ পৰা শ্ৰেষ্ঠ তিনিখন বিপনী নিৰ্বাচন কৰি পুৰস্কাৰ প্ৰদান কৰা হয়। বিচাৰকৰ দায়িত্ব পালন কৰে প্ৰাক্তন উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মা আৰু সংস্কৃত বিভাগৰ মুৰব্বী ড° বিনিমা পাটগিৰিয়ে। অনুষ্ঠানৰ সামৰণি পৰ্বত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। উদ্যমিতা সন্মিলনৰ পিচেত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ব’হাগী উৎসৱ উলহ-মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ সামৰণি পৰ্বত শলাগৰ শৰাই আগবঢ়াই অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সভাপতি প্ৰিয়ংকা দাসে।