নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সংশোধন কৰিবলৈ চলিত বৰ্ষৰ ১৬ জানুৱাৰী, ২০২৫ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগক অনুমোদন জনায় । শেহতীয়াকৈ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দ্য নেচনেল কাউন্সিল জইণ্ট কনছালটেটিভ মেচিনেৰী (এন চি-জেচিএম)-এ চৰকাৰৰ পৰা কমেও ২.৫৭ (যিটো সপ্তম দৰমহা আয়োগৰ সৈতে একে) বা তাতকৈ অধিক ফিটমেণ্ট ফেক্টৰ দাবী কৰিছিল ।ফিটমেণ্ট ফেক্টৰ হ’ল চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহা আৰু পেঞ্চন সংশোধন কৰিবলৈ ব্যৱহাৰ কৰা বহুগুণক । উদাহৰণস্বৰূপে, ফিটমেণ্ট ফেক্টৰ ২.৫৭ মানে ১৫৭ শতাংশ দৰমহা বৃদ্ধি ।এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে সপ্তম দৰমহা আয়োগতো ২.৫৭ ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হৈছিল, যাৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন ১৫৭ শতাংশ বৃদ্ধি পাইছিল, যাৰ বাবে নূন্যতম দৰমহা ৭ হাজাৰ টকাৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি পাইছিল ।
মন কৰিবলগীয়া যে যদি চৰকাৰে NC-JCMৰ দাবী মানি লয়, তেন্তে বৰ্তমানৰ নূন্যতম মজুৰি মাহে ১৮ হাজাৰ টকাৰ পৰা ৪৬,২৬০ টকালৈ বৃদ্ধি পাব । ইয়াৰ উপৰিও মাহে নূন্যতম ৯ হাজাৰ টকাৰ পেঞ্চন ২৩,১৩০ টকালৈ বৃদ্ধি পোৱাৰ অৱকাশ আছে ।