...

প্ৰাণ পালে চাৰিটাকৈ দুষ্প্ৰাপ্য শগুনে

প্ৰাণ পালে চাৰিটাকৈ দুষ্প্ৰাপ্য শগুনে

 

প্ৰকৃতি সংগঠনৰ আপ্ৰাণ প্ৰচেষ্টা

পুলকজ্যোতি বৰা, ঢকুৱাখনা,২মে’ :

ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা চাৰিটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুনক উপযুক্ত চিকিৎসা প্ৰদানেৰে সুস্থ কৰি পুনৰ মুকলি আকাশত উৰিব পৰা কৰি তুলিলে পশু চিকিৎসক ডাঃ ৰূপম গগৈয়ে।ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈ আৰু চিকিৎসালয়খনৰ কৰ্মচাৰীৰ আশাশুধীয়া প্ৰচেষ্টা আৰু ঢকুৱাখনা বন বিভাগৰ বিষয়া-কৰ্মচাৰী আন্তৰিক সহযোগিতা আৰু মেগামিক্স প্ৰকৃতি সংঘৰ তৎপৰতাত পুনৰ উৰিবলৈ সক্ষম হ’ল মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ হোৱা হিমালয়ান গিফন প্ৰজাতিৰ দুটাকৈ দুষ্প্ৰাপ্য শগুন। উল্লেখ্য যে, শুকুৰবাৰে ঢকুৱাখনাৰ ১ নং বান্তৌ গাঁৱৰ বৰপুখুৰী পাৰত উদ্ধাৰ হৈছিল ৩টাকৈ মৃত শগুন।মেগামিক্স প্ৰকৃতি সংঘৰ কৰ্মী বিমান সন্দিকৈৰ খবৰৰ ভিত্তিত ততালিকে ঢকুৱাখনা খণ্ড উপ বন বিষয়া কৰবী হাজৰিকাৰ নেতৃত্বত বন বিভাগৰ এটি দল
ঘটনাস্থলীত উপস্থিত হৈ খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হোৱা শগুনবোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত চাৰিটা শগুনক মূৰ্মুষু অৱস্থাত লৈ আনে ঢকুৱাখনা বন বিভাগৰ কাৰ্য্যলয়লৈ। বিভাগীয় কাৰ্যলয়তে ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰূপম গগৈ আৰু চিকিৎসালয়খনৰ কৰ্মচাৰীৰ
আপ্ৰাণ চেষ্টাৰ ফলত ক্ৰমে সুস্থ হৈ উঠিল মৃত্যুৰ ক্ষণ গণা চাৰিওটাকৈ দুষ্প্ৰাপ্য শগুন।
সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ অন্তত উৰিব পৰা হোৱা ইয়াৰে এটা হিমালয়ান গিফন প্ৰজাতিৰ শগুন শুকুৰবাৰে বিয়লি বন বিভাগে নিয়ম অনুসৰি মুকলি কৰি দিয়াৰ পিছত আজি একে প্ৰজাতিৰে আনটো শগুন মুকলি আকাশলৈ উৰা মাৰিবলৈ সক্ষম হয়।বৰ্তমান ঢকুৱাখনা বন বিভাগৰ কাৰ্য্যলয়তে বিভাগটোৰ পৰ্যবেক্ষণত চিকিৎসক ডাঃ ৰূপম গগৈয়ে আন দুটা অতিশয় বিপদাপন্ন পাতি শগুনৰ চিকিৎসা চলাই আছে। সম্প্ৰতি দুয়োটা শগুন বিপদমুক্ত বুলি জানিব পৰা গৈছে।অতিশয় বিপদাপন্ন প্ৰজাতিৰ অন্যতম পাতি শগুন দুটা কাইলৈ মুকলি আকাশলৈ এৰি দিয়া হ’ব বুলি জনাইছে ঢকুৱাখনা বনবিভাগে।ইফালে,মৃত শগুনকেইটা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত বন বিভাগে সমাধিস্থ কৰে।মৃত গৰুৰ দেহত ফুৰাদন জাতীয় বিহ দিয়াৰ ফলতেই উক্ত ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।ইফালে, প্ৰকৃতিৰ জমাদাৰস্বৰূপ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষীবিধৰ সংৰক্ষণ তথা উপযুক্ত চিকিৎসা প্ৰদানেৰে পুনৰ জীৱন দিয়াৰ ক্ষেত্ৰত ঢকুৱাখনা বন বিভাগ আৰু
ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীৰ ভূমিকাক প্ৰকৃতিপ্ৰেমীয়ে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *