ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত মডেল ইউনাইটেড নেচনছ সন্মিলন সম্পন্ন
চাইন অন ডেস্ক,২৯এপ্ৰিল:
ডিব্ৰুগড় চহৰৰ বাণিজ্য শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হনুমানবাক্স সুৰজমল কানৈ কমাৰ্চ কলেজত উদ্যমিতা কোষ, ছাত্ৰ একতা সভা আৰু বাণিজ্য বিভাগৰ যৌথ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মডেল ইউনাইটেড নেচনছ (MUN) সন্মিলন সফলভাৱে সম্পন্ন হয়। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহী অংশগ্ৰহণে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানটোক বিশেষ মৰ্যাদা প্ৰদান কৰে।
২৫ এপ্ৰিলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত জেষ্ঠা অধ্যাপিকা তথা উদ্যমিতা কোষৰ সমন্বয়ক ড° তুলিকা মটক, ডিব্ৰুগড় 
IPC (Press) শাখাত ৰ’ণাক দেবে Best Delegate লাভ কৰাৰ লগতে অন্যান্য শাখা সমূহতো বহু প্ৰতিযোগীয়ে কৃতিত্ব প্ৰদৰ্শন কৰে। UNGA- DISEC, UNHRC আৰু AIPPM-তো বিভিন্ন প্ৰতিযোগীয়ে শ্ৰেষ্ঠতা অৰ্জন কৰে। আনহাতে IPC (Journalism) শাখাত মান্নত শৰ্মাই Best Journalist সন্মান লাভ কৰে। এইবাৰৰ সন্মিলনত “শ্ৰেষ্ঠ অনুষ্ঠান” সম্মান ডিব্ৰুগড়ৰ দিল্লী পাবলিক স্কুলে লাভ কৰে, যিয়ে সমগ্ৰ অনুষ্ঠানত উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অনুষ্ঠানৰ সফল সম্পাদনত বিভিন্ন প্ৰতিষ্ঠান আৰু সংগঠনে সহায় আগবঢ়ায়। Banalata আৰু Epsilon Academy শীৰ্ষ পৃষ্ঠপোষক হিচাপে, Dilish আৰু Commercial Equipments House সহ-পৃষ্ঠপোষক হিচাপে আৰু Stitzzy Bronze Sponsor হিচাপে সহযোগিতা আগবঢ়ায়। ইয়াৰ উপৰিও Dibrugarh 24×7, Langdon Hotel & Restaurant আৰু JJM Hospital-এ মিডিয়া, খাদ্য আৰু আতিথ্য সহযোগী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সামৰণী অনুষ্ঠানত সকলো বিজয়ীক সন্মান জনোৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত “অনাবিল” নামৰ বেণ্ডে সংগীত পৰিবেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে। আয়োজকসকলে অনুষ্ঠানটোৰ সফল সমাপনত সন্তোষ প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ শৈক্ষিক আৰু বৌদ্ধিক কাৰ্যসূচী অধিক বিস্তৃত পৰিসৰত আয়োজন কৰাৰ আশা ব্যক্ত কৰে। অনুষ্ঠানৰ দুয়োদিনৰ কাৰ্য্যসূচীতে মহাবিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী তথা শিক্ষক সকল উপস্থিত থাকে।