পুৱতি নিশা ডিব্ৰুগড় থানাৰ পৰাই মুকলি কৰিলে অজাপৰ দুই কৰ্মীক
খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দোৱাৰ মৰা নীতি প্ৰশাসনে বন্ধ কৰিব লাগিব:লুৰিণ
চাইন অন ডেস্ক:
ভোটগ্ৰহণৰ দিনা খোৱাঙৰ কুটুহাত সংঘটিত হোৱা নিৰ্বাচনী হিংসাৰ ঘটনাত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে কালি আটক কৰা নৱ কোঁৱৰ আৰু ঋতুপৰ্ণ বৰুৱাক আজি পুৱতি নিশা মুকলি কৰে। খোৱাং আৰক্ষীয়ে দুই অজাপ কৰ্মীক আটক কৰি কালি ডিব্ৰুগড় সদৰ থানাত বহুৱাই ৰখা হৈছিল। এই খবৰ বিয়পি পৰাৰ পাছতে কালি হাজাৰ হাজাৰ অজাপ কৰ্মীৰ দল আহি সমবেত হয় ডিব্ৰুগড় সদৰ থানা। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কালি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ প্ৰায় দুঘন্টা সময় ধৰি শীৰ্ষ আৰক্ষী বিষয়াৰে আলোচনাত মিলিত হয়। কেৱল সেয়াই 
