অসমত নিৰ্বাচনী হিংসাৰ মূল নায়ক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা!
ডিব্ৰুগড় জিলা নাগৰিক সম্মিলনৰ বিস্ফোৰক অভিযোগ
চাইন অন ডেস্ক:
এইবাৰৰ নির্বাচনী প্রস্তুতি চলোৱাৰ দিন ধৰি ভোট গ্রহণ পর্ব সমাপ্ত হোৱাৰ সময়লৈকে ৰাজ্যখনৰ বিভিন্ন ঠাইত বিক্ষিপ্তভাবে যি নির্বাচনী হিংসাই দেখা দিছিল আৰু সেইবোৰ নিয়ন্ত্রণৰ ক্ষেত্রত যেনেকৈ প্রশাসনে বিহিত ব্যবস্থা হাতত ল’ব লাগিছিল তেনেদৰে লোৱা দেখা নগ’ল। বিশেষকৈ ৰাজ্যখনৰ মুৰব্বী হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যেনেকৈ নিকা আৰু শান্তিপূর্ণ নির্বাচন ৰাজ্যত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাইজলৈ আনুষ্ঠানিকতাৰ খাতিৰতে হ’লেও পূর্বৰ মুখ্যমন্ত্রীসকলে জনাই অহাৰ দৰে একাধিকবাৰ আবেদন জনাব লাগিছিল, তেনেকৈতো জনোৱা নহ’লেই, বৰং ওলোটাই তেনে হিংসাত্মক কার্যক পৰোক্ষ
উদগণিহে যোগাই আহিছিল। তাৰ মুক্ত প্রকাশ ঘটিল চূড়ান্ত ফেচীষ্ট কায়দাবে ৰাজহুৱাভাবে যেতিয়া গণতন্ত্রৰ চতুর্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমক শেষ কৰি দিয়াৰ হুমকি দিছিল, তেতিয়া। পুনৰ চৰকাৰ আহিলে অসমীয়া প্রতিদিন আৰু ডি. বাই, ৩৬৫ক শেষ কৰি দিয়াৰ যি গুণ্ডাৰ বচন এজন পবিত্র আসনত অধিষ্ঠিত মুখ্যমন্ত্ৰীৰ মুখত উচ্চাৰিত হ’ব পাৰে, তেনেস্থলত পূর্বৰে পৰা সংগঠিত ঘটনাবোৰৰ আঁৰতো তেখেতৰ হাত আছে বুলি স্বাভাবিকতে সন্দেহ হয়। দেশৰ কিছু আন আন ৰাজ্যত নিৰ্বাচনৰ সময়ত যি গুণ্ডাগিৰি চলে, সেই গুণ্ডাৰাজক প্ৰথমবাৰলৈ শান্তিপূর্ণ অসমলৈ আমদানি কৰি অনা মানুহজনেই হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রীৰ অবাঞ্চিত আৰু অদ্ভুত আচৰণ, লাগ-বান্ধ নোহোৱা শিশুসুলভ কথাই মুখ্যমন্ত্রীৰ পবিত্র আসনক প্রথমবাৰলৈ দেশবাসীৰ আগত লজ্জানত কৰিলে।-আজি ডিব্রুগড় সাহিত্য সভা ভবনত আয়োজিত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰে অসম নাগৰিক সম্মিলন, ডিব্রুগড় জিলা সমিতিৰ সভাপতি শৰৎ চন্দ্র নেওগ আৰু সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়াই।
গণতান্ত্রিকভাবে নির্বাচিত এজন জনপ্রতিনিধি তথা ৰাজ্যৰ শীর্ষতম পবিত্র আসনত অধিষ্ঠিত মুখ্যমন্ত্রীৰ মুখত সংবাদ মাধ্যমৰ বিৰুদ্ধে শেষ কৰি দিয়াৰ যি ভাবুকি প্রদান কৰিলে, এই ক্ষেত্রত ডিঙিত গামোছা লৈ জয় আই অসম চিঞৰা ৰাজ্যৰ একাধিক দল-সংগঠন সমূহ আজি ক’ত বুলি প্রশ্ন উত্থাপন কৰে সম্মিলনৰ নেতৃত্বন্বয়ে। নির্বাচনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত সংগঠিত হিংসাত্মক ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত
নিৰপেক্ষ ভূমিকা জিলা প্রশাসন সমূহে আৰু নির্বাচন আয়োগেও পালন নকৰাৰো অভিযোগ উত্থাপন কৰে। সাংবাদিকৰ আগত সম্মিলনৰ বিষয়ববীয়াই লগতে কয় যে- ১৯৭৫ চনৰ দেশৰ জৰুৰীকালীন অবস্থাৰ সময়তো সংবাদপত্রব ওপৰত আৰু সাংবাদিকৰ ওপৰত গ্রেপ্তাৰ আৰু চেঞ্চৰ ব্যবস্থা চৰকাৰে প্ৰৱৰ্তন কৰিছিল। কিন্তু আজিৰ দৰে জৰুৰীকালীন অবস্থা নোহোৱা অৱস্থাটো এনে বজৰুৱা গুণ্ডাৰ দৰে হুমকী দিয়া হোৱা নাছিল। সংবাদমেলত জিলা সম্মিলনৰ পক্ষৰ পৰা ৰাইজলৈ আবেদন জনাই ব্যক্ত কবে যে মুখ্যমন্ত্রীৰ এনে দাম্ভিক আচৰণ ৰাজ্যখনৰ ভৱিষ্যতৰ কাৰণেই মংগলজনক নহয়। সময় থাকোতেই এনে কাৰ্য্যৰ বিৰুদ্ধে সকলো দল-সংগঠন, সমাজ সচেতন বাইজে প্রতিবাদ নকৰিলে ভবিষ্যতে আৰু অধিক বিশৃংখল অবস্থালৈ গতি কৰাটো নিশ্চিত।
আজিৰ সংবাদমেলত উপস্থিত থকা সম্মিলনৰ অন্যান্য বিষয়ববীয়া-সদস্য-সদস্যাসকল হ’ল-ৰাতুল গগৈ, পবিত্র বুঢ়াগোহাঁই, বিচিত্রা খাৰঘৰীয়া, ভাৰতী হাজৰা দত্ত আৰু নীলকান্ত মিছং।