...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হাৰ

Spread the love

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হাৰ

 

উজ্বলিল লাহোৱালৰ এছ কে এছ ইংলিছ একাডেমী

চাইন অন ডেস্ক:

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড় জিলাৰ লাহোৱালৰ অন্যতম শিক্ষানুষ্ঠান এছ কে এছ ইংলিছ একাডেমীৰ পৰা মুঠ অৱতীৰ্ণ ১৯গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৯গৰাকীয়েই উত্তীৰ্ণ হৈ ১০০শতাংশ উত্তীৰ্ণ হাৰেৰে বিদ্যালয় খনলৈ সুনাম তথা গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।মুঠ উত্তীৰ্ণ ১৯গৰাকীৰ ভিতৰত ১৮গৰাকী প্ৰথম , এগৰাকী দ্বিতীয় স্থান অধিকাৰ কৰিছে । আনহাতে ১৮গৰাকী প্ৰথম স্থান অধিকাৰ কৰা শিক্ষাৰ্থী সকলৰ ভিতৰত এগৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ আৰু চাৰি গৰাকীয়ে লেটাৰ নম্বৰ অৰ্জন কৰিছে। উল্লেখযোগ্য যে লাহোৱালৰ এছ কে এছ ইংলিছ একাডেমীৰ পৰা শোভন ঠাকুৰে মুঠ ৬০০ ভিতৰত ৫১০নম্বৰ অৰ্জনেৰে ডিষ্টিংচন নম্বৰ লাভ কৰি ৮৫ শতাংশ হাৰেৰে উত্তীৰ্ণ হৈ বিদ্যালয় খনলৈ গৌৰৱৰ ধ্বজা বহন কৰিছে। আনহাতে চাৰি গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে অঞ্জনা হাজৰিকা, ধৰিত্ৰী দাস, মাছুমা মেহজিন আৰু ময়ুৰ পংখী দত্তই লেটাৰ নম্বৰ সহ প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুঠ এশ শতাংশ উত্তীৰ্ণ হাৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ লাহোৱাল এছ কে এছ ইংলিছ একাডেমী খনৰ উন্নত ফলাফলে লাহোৱাল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক ডঃদয়ানন্দ শ্বাহে শৈক্ষিক বিকাশৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান খনে শৈক্ষিক উত্তৰণ সফলতাৰ প্ৰতিফলন ঘটাইছে। আনহাতে লাহোৱাল এছ কে এছ ইংলিছ একাডেমীৰ অধ্যাক্ষা প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী সকলে আগবঢ়োৱা শিক্ষাদান , শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক জ্ঞানেৰে অনুপ্ৰেৰণাৰে উৎসাহিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবেই ছাত্ৰ ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ দিশত উল্লেখযোগ্য প্ৰতিফলন ঘটাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *