হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিয়া ফাৰা ইছলামৰ শীৰ্ষৰ তৃতীয়স্থানত
ভাল চিকিৎসক হোৱাৰ ইচ্ছা জিয়া ফাৰা ইছলামৰ
ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলত উৎসৱ মুখৰ পৰিৱেশ
চাইন অন ডেস্ক:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰী
জিয়া ফাৰা ইছলামে ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ৰাজ্যৰ লগতে সমগ্ৰ ডিব্ৰুগড়লৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে।পুৱাই ফলাফল ঘোষণাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাখনতো এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়।ডিব্ৰুগড় মহানগৰৰ মিলন নগৰৰ নিৱাসী পিতৃ চাদেকুল ইছলাম আৰু মাতৃ জেছমিন বেগমৰ একমাত্ৰ কন্যা জিয়া ফাৰা। ৰাজ্যখনৰ ভিতৰতে এই স্থান লাভ কৰা পিছতেই লিটল ফ্লাৱাৰ স্কুলত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। ফলাফল ঘোষণাৰ পাছত ছাত্ৰী গৰাকী বিদ্যালয়ত উপস্থিত হোৱাৰ পাছতেই বিদ্যালয় কৰ্তৃপক্ষৰ
লগতে বিভিন্নজনে সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জনাইছোঁ। ৰাজ্যৰ ভিতৰতে শীৰ্ষৰ তৃতীয় স্থান লাভ কৰি জিয়া ফাৰা ইছলামে কয়, “এই ফলাফল লাভ কৰি ভাল লাগিছে । বিশেষকৈ মোৰ পৰিয়াল আৰু বিদ্যালয়ক সুখী কৰিব পাৰিছো, সেইটো মোৰ বাবে ডাঙৰ কথা। মই এটা ভাল ৰিজাল্ট হ’ব বুলি অধ্যয়ন কৰিছিলো কিন্তু মোৰ পৰিয়াল আৰু বিদ্যালয়ে এনেকুৱা এটা ফলাফল আশা কৰি আছিল।মই সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰিছোঁ। মোৰ পৰিয়াল আৰু বিদ্যালয়ৰ প্ৰেৰণা আৰু সহযোগীতাত এই সফলতা সম্ভৱ হৈছে।পৰীক্ষাৰ পূৰ্বে দৈনিক ১৬ ঘন্টাকৈ অধ্যয়ন কৰিছিলো। ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্যৰে ক’চিং কৰি আছোঁ”। ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰী জিয়া ফাৰা ইছলামৰ এই ফলাফলৰ পাছতে বিদ্যালয়খনত দেখা গ’ল এক উৎসৱমুখৰ পৰিৱেশ।আনহাতেদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ পৰা
তৃতীয় স্থান দখল কৰা জীয়া ফাৰহা ইচলামে কণমানিৰ পৰাই মেধাৰ পৰিচয় দি আহিছিল।নাৰ্চাৰী পৰ্যায়ৰ পৰাই শ্ৰেণীত প্ৰথম স্থান দখল কৰি দশম শ্ৰেণীলৈকে সেই স্থান অক্ষুন্ন ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যত তৃতীয় স্থান দখল কৰিলে।ইফালে শেহতীয়াকৈ Integrated Science Scholarship cum Admission Test(INSSAT)2.0 পৰীক্ষাত বহু হাজাৰ পৰীক্ষাৰ্থীৰ মাজত তৃতীয় হৈছিল জীয়া।
Dr Radhakrishna School of Arts, Commerce & Science ৰ দ্বাৰা পৰিচালিত এই পৰীক্ষাৰ সফলতাৰে জীয়াই আগন্তুক দুটা শিক্ষা বৰ্ষৰ সমষ্ট খৰচ নিজে বহন কৰিব পাৰিব।ছচিয়েল মিডিয়া নিয়মিত ভাৱে ব্যৱহাৰ কৰি তাৰ পৰা পাঠ্যক্রমৰ শিক্ষা আহৰণ কৰিছিল জীয়াই।লক্ষণীয় যে কোনো দিনাই টিউচন নকৰা জীয়াক নিজৰ মাতৃয়েই পঢ়াইছিল মেট্রিকলৈকে। লগতে সহযোগ কৰিছিল শিক্ষক পিতৃয়ে।
ছাত্ৰী গৰাকীৰ এই সফলতাৰ পাছতে বিদ্যালয়ৰ অধ্যক্ষই কয়, “আজি বহুত সুখী আমাৰ ছাত্ৰী জিয়া ফাৰাৰ ৰিজাল্টক লৈ। তাই এই স্থান
পোৱাৰ যোগ্য। তাই এগৰাকী ভাল ছাত্ৰী আৰু খুব নিয়মানুৱৰ্তী।তাইৰ লগতে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট কৰিছিল, অভিভাৱক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো। আমি তাইক লৈ গৌৰৱ অনুভৱ কৰিছো। এই সফলতা জিয়া ফাৰাৰ জৰিয়তে আমাক ভগৱানে দিয়া আশীৰ্বাদ। তাই ৯৮% নম্বৰ লাভ কৰিছে। অসমীয়াত ৯৬ নম্বৰ, ইংৰাজীত ৯৮, বিজ্ঞানত ৯৯, সমাজবিজ্ঞান ৯৫, গণিতত ১০০, ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰিছে। আমাৰ বিদ্যালয়ৰ পৰা ১৮২ গৰাকী শিক্ষাৰ্থীয়ে। পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ১৬৪ গৰাকীয়ে প্ৰথম বিভাগ, ১৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে”–অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে।মেধাৱী ছাত্ৰী জিয়া ফাৰা ইছলামৰ এই সফলতাত আনন্দিত পিতৃ-মাতৃৰ লগতে ডিব্ৰুগড়বাসী। কন্যাৰ
সফলতাৰ পাছত পিতৃ চাদেকুল ইছলামে কয়, “আজি আমাৰ বাবে এটা ভাল লগা দিন । তাই সৰুৰে পৰা পঢ়াৰ প্ৰতি আগ্ৰহী আছিল। পঢ়াৰ এটা পৰিবেশ আমি তাইক দিবলৈ চেষ্টা কৰিছিলোঁ। বিদ্যালয়খনে তাইক সকলো ধৰণৰ শিক্ষা দি আগবঢ়াই নিছিল। তাইৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষকসকলৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ বুলিও পিতৃ চাদেকুল ইছলামে ব্যক্ত কৰে।আনহাতে ডিব্ৰুগড়ৰ জিলা শিক্ষা বিষয়া গৰাকীয়ে আজিৰ এই ফলাফলত যথেষ্ট সন্তোষজনক বুলি উল্লেখ কৰি ৰাজ্যৰ ভিতৰতে জিলাখনৰ উত্তীৰ্ণৰ হাৰ তৃতীয় স্থান লাভ কৰাত যথেষ্ট আনন্দিত বুলি সদৰী কৰে।কিন্তু
বিগত বৰ্ষতকৈ (৮১:১০ শতাংশ) এইবছৰ উত্তীৰ্ণৰ হাৰ (৭৮:৪৬ শতাংশ)কিছু কম হলেও গুণগতভাবে যথেষ্ট উৎসাহজনক বুলিও অভিহিত কৰে।অৱশ্যে সমগ্ৰ ফলাফলৰ বাবে পূৰ্ৱৰ জিলা শিক্ষা বিষয়া,শিক্ষক,অভিভাৱক আৰু বিশেষকৈ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অৱদানৰ কথা অকপটে স্বীকাৰ কৰে।তেওঁ পুনৰাই কয় যে শিক্ষাৰ ক্ষেত্ৰত অৰ্থনীতি হেঙাৰ হব নোৱাৰে।যদিহে,অভিভাৱক সকলে শিক্ষানুষ্ঠান,শিক্ষকৰ সতে শিক্ষাৰ ক্ষেত্ৰত পোনপটীয়া যোগাযোগ ৰাখে।পৰৱৰ্তী সময়ত ডিব্ৰুগড়ক ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ ক্ষেত্ৰত আৰু গুণগত,গুণসম্পন্ন শিক্ষা প্ৰদান কৰাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰা হব বুলি জিলা শিক্ষা বিষয়া গৰাকীয়ে সদৰী কৰে।ইফালে আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰাত এক উল্লেখযোগ্য বুলি বিবেচিত হৈছে।