চিৰাং জিলাত নিৰ্বাচনৰ পূৰ্ণ সাজু
৫২৯ টা কেন্দ্ৰত ভোটগ্ৰহণৰ ব্যৱস্থা
বিজনী:

জিলাখনৰ অন্তৰ্গত ১৯ নং চিদলী-চিৰাং (জনজাতি) আৰু ২০ নং বিজনী বিধানসভা সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়াসকলৰ তিনিটা পৰ্যায়ৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে। একে সময়তে ইভিএমৰ তিনিটা পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বনো সম্পূৰ্ণ কৰা হৈছে। নিৰ্বাচনী কাৰ্যত জড়িত বিষয়া, আৰক্ষী আৰু কৰ্মচাৰীসকলৰ বাবে প’ষ্টেল ভোটগ্ৰহণ প্ৰক্ৰিয়াও সম্পন্ন হৈছে। ইয়াৰ উপৰি ৮৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ‘হ’ম ভোটিং’ ব্যৱস্থাও ইতিমধ্যে সম্পন্ন কৰা হৈছে।
আইন-শৃংখলা বজাই ৰাখিবলৈ এছ এছ বি, চি এ পি এফ আৰু ৰাজ্যিক আৰক্ষীৰ সৈতে সমন্বয় কৰি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। ভোটগ্ৰহণত ব্যৱহাৰ কৰিবলগীয়া 
জিলাখনত মুঠ ৫২৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত চিদলী-চিৰাং সমষ্টিত ২৮৭ টা আৰু বিজনী সমষ্টিত ২৪২ টা কেন্দ্ৰ আছে। সকলো কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ১৪ গৰাকী জ’নেল বিষয়া আৰু ৫৮ গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। ইয়াৰে চিদলী-চিৰাঙত ৩৩ টা আৰু বিজনীত ২৫ টা চেক্টৰ গঠন কৰা হৈছে। লগতে ৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰ অকল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। জিলাখনত দুটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰো স্থাপন কৰা হৈছে।
ইপিনে, ভোটগ্ৰহণৰ দিনা ভোটাৰসকলে কেন্দ্ৰৰ ১০০ মিটাৰ আঁতৰত ম’বাইল ফোনৰ শ্বুইচ বন্ধ কৰি ৰাখিব লাগিব। কেন্দ্ৰসমূহৰ বাহিৰত মোবাইল সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে।
সৰ্বমুঠে, চিৰাং জিলাত নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুকলমে সম্পন্ন কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে