...

ঢকুৱাখনাত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেৰ নিৰ্বাচনী প্ৰচাৰ

Spread the love

ঢকুৱাখনাত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেৰ নিৰ্বাচনী প্ৰচাৰ

অসমৰ উন্নয়ন বিচৰা মানুহৰ লগত বিজেপি,মিত্ৰজোঁট আছে অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া

ঢকুৱাখনা:

‘মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আজি ভাৰতৰ দ্রুততম ৰাজ্যত পৰিণত হৈছে। অসমৰ উন্নয়ন বিচৰা মানুহৰ লগত বিজেপি আছেঅসমৰ উন্নয়ন বিচৰা মানুহৰ লগত বিজেপি আছেঅসমৰ উন্নয়ন বিচৰা মানুহৰ লগত বিজেপি আছে। বিজেপিয়ে সৰ্বসাধাৰণ লোকৰ আৰ্থিক সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰি আহিছে। ৰাজ্যখনৰ বিকাশৰ ধাৰা অব্যাহত ৰখাৰ বাবে ঢকুৱাখনা সমষ্টিৰ সামগ্রিক বিকাশৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাই হ’ব ভোটাৰ ৰাইজৰ দায়িত্ব।’- এই মন্তব্য অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ কস্তুৰী চুতীয়াৰ।শুক্ৰবাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ সমর্থনত সমষ্টিটোৰ হাৰ্হি পঞ্চায়তৰ সাপতীয়া আঞ্চলিক ৰাজহুৱা ভৱনত অনুষ্ঠিত
জনাকীর্ণ সভাখনত ভাষণ প্ৰদান কৰি অগপৰ মুখপাত্ৰগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে। লগতে তেওঁ কয় -ঢকুৱাখনাই নৱ কুমাৰ দলেৰ নেতৃত্বত পকী বাট-পথ , আন্তঃগাঁঠনি উন্নয়ণ , নাৰী সৱলীকৰণ , সাংস্কৃতিক বিকাশ , ঐতিহ‍্য সংৰক্ষণ, যুৱ প্ৰজন্মৰ উত্তৰণ আৰু সাৰ্বাংগীণ উন্নয়ণৰ নৱ দিগন্ত উন্মোচন কৰিছে । নৱ কুমাৰ দলেৰ নেতৃত্বত ঢকুৱাখনাই নতুন পৰিচয় লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় তেওঁ কয় যে –
নৱ কুমাৰ দলেৰ বিজয় নিশ্চিত ।বিজেপি-এজিপি- গনশক্তি মিত্ৰজোঁটক কোনো মহাশক্তিয়ে ৰোধিব নোৱাৰে। ঢকুৱাখনা বিজেপি মণ্ডলৰ সাধাৰণ সম্পাদক শিৱচৰণ কোচে আঁতধৰা নিৰ্বাচনী সভাখনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেই বিগত ১৫ বছৰীয়া উন্নয়নৰ খতিয়ান দাঙি ধৰি ঢকুৱাখনা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়।প্ৰায় দুই সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই,হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু,
অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য মহেশ দলে, সাধাৰণ পৰিষদৰ সদস্য প্ৰাঞ্জল দিহিঙ্গীয়া,ঢকুৱাখনা জিলা সমিতিৰ সভাপতি দুলাল দত্ত, সম্পাদক সমুজ্জ্বল চেতিয়া আৰু গনশক্তি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিৰণ্য দত্ত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *