বিজেপিৰ শাসন ব্যৱস্থাক লৈ অসন্তুষ্ট অসমৰ চাহ জনগোষ্ঠী
ডিব্ৰুগড়ত ঝাৰখণ্ডৰ মন্ত্ৰী শিল্পী নেহা তিৰ্কীৰ সংবাদমেল
চাইন অন ডেস্ক:

বাগিচাত বসবাস কৰা আৰু কাম কৰা শ্ৰমিক-কৰ্মচাৰীসকল যথেষ্ট চিন্তিত। তেওঁলোকে নিজৰ চাকৰি হেৰুৱাৰ শংকাত ভূগিছে। বন্যহস্তী কৰিডৰ অঞ্চলত, বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলংৰ মাজৰ অঞ্চলতো এইধৰণৰ বাণিজ্যিক কাৰ্যকলাপৰ বিৰুদ্ধে স্থানীয় লোকে আপত্তি জনাই প্ৰতিবাদ কৰিছে। কিন্তু তেওঁলোকৰ কথা শুনিবলৈ কাৰো আহৰি পোৱা নাই, কাৰণ চৰকাৰে নিয়মেই সলনি কৰি দিছে—মাত্ৰ নিজৰ কৰ্পৰেট গোষ্ঠী আৰু ব্যৱসায়ীসকলক উপকৃত কৰাতহে গুৰুত্ব প্ৰদান কৰিছে। বিজেপিয়ে চাহ জনগোষ্ঠী, চাহ বাগিচাৰ শ্ৰমিকৰ লগতে অসমৰ সম্পূৰ্ণ মাটি বৃহৎ পুঁজিপতিক গতাই দিছে। একেটা প্ৰসংগত বিজেপি 
এইটো কেৱল এটা উদাহৰণ। এইদৰে বহু চাহ বাগিচাত আইন-কানুন উপেক্ষা কৰি তেল আহৰণৰ বাবে বাগিচাৰ মাটি অইলক গতাই দিয়া হৈছে। ২০২৪ চনত ডাঙৰ পৰিসৰৰ তেল আহৰণৰ ফলত গেছ নিৰ্গমন আৰু প্ৰদূষণ বৃদ্ধি পাইছে, যাৰ ফলত চাহ বাগিচাৰ মূল প্ৰাকৃতিক পৰিৱেশ নষ্ট হৈছে। এইবোৰ অত্যন্ত উদ্বেগজনক বিষয়। অসমৰ চাহ বহিৰাজ্যত নিলাম ব্যৱস্থাক লৈয়ো প্ৰশ্ন উত্থাপন কৰি মন্ত্ৰী তিৰ্কীয়ে কয়, অসমত চাহ উৎপাদন হয়, কিন্তু নিলাম কলকাতাত কৰা হয়—ই কিয়? পশ্চিমবঙ্গত উৎপাদন ২৫ শতাংশতকৈও কম। তথাপি ‘ডাবল ইঞ্জিন’ চৰকাৰ থকাৰ পাছতো বিগত ১০ বছৰত চাহ নিলাম কেন্দ্ৰ অসমলৈ আনিবলৈ কোনো চেষ্টা কৰা হোৱা নাই।
এইবোৰ চালে স্পষ্ট হয় যে বহুদিন ধৰি নিয়ম-কানুন উপেক্ষা কৰি চাহ বাগিচাসমূহ ব্যৱসায়ীসকলৰ হাতত গতাই দিয়া হৈছে। ইয়াৰ ফলত স্থানীয় মানুহৰ জীৱন-জীৱিকা বিপদত পৰিছে। যদি এই চৰকাৰ পুনৰ আহে, তেন্তে এই প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু স্থানীয় লোকসকলৰ নিজৰ কোনো মাটিও নাথাকিব।
এই ভয় আৰু চিন্তাৰ বাবেই মানুহে পৰিবর্তন বিচাৰে, আৰু সেই পৰিবর্তন তেওঁলোকে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলত দেখে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী তিৰ্কীয়ে কয়, মানুহৰ মনত সন্দেহ আছে—কংগ্ৰেছ আহিলে তেওঁলোকৰ বাবে কি কৰিব? কিন্তু পূৰ্বতে তৰুণ গগৈৰ চৰকাৰৰ সময়তো এই বিষয়ত বহু কাম কৰা হৈছিল। প্ৰস্তাৱ গৃহীত কৰি বিষয়টো ‘Registrar General of India’ লৈ প্ৰেৰণ কৰা হৈছিল। কোনো জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিবলৈ Registrar General of India-ই তালিকা প্ৰস্তুত কৰে। বিগত ১০ বছৰত বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। আমাৰ চৰকাৰ আহিলে, যিসকল জনগোষ্ঠীয়ে ইতিমধ্যে আন ৰাজ্যত এই মৰ্যাদা পাইছে, তেওঁলোককো একে অধিকাৰ দিয়াৰ বাবে আমি দৃঢ় প্ৰচেষ্টা কৰিম।
আমাৰ উদ্দেশ্য স্পষ্ট—যিসকলে যি অধিকাৰৰ যোগ্য, তেওঁলোকক সেই অধিকাৰ প্ৰদান কৰিবলৈ আমি নিষ্ঠাৰে কাম কৰিম।