...

শুৱালকুছিৰ নিৰ্বাচনী সভাত ৰিণিকি ভূঞা শৰ্মা

Spread the love

শুৱালকুছিৰ নিৰ্বাচনী সভাত ৰিণিকি ভূঞা শৰ্মা

 

সপোনক বাস্তৱ ৰূপ দিয়া ব্যক্তিজনেই হল ড°হিমন্ত বিশ্ব শৰ্মা
মহিলা সকলক আগৰণুৱা হলে দেশৰ প্ৰগতি আৰু উন্নতি হয়

চাইন অন ডেস্ক:

এচাম মানুহে জীৱনত সপোন দেখে ৷ সপোনৰ পিছত দৌৰে ৷ ইয়াৰে কিছু বাস্তৱ হয় আৰু কিছু নহয় ৷ কিন্ত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা এনে এজন ব্যক্তি যি গৰাকীয়ে দেখা প্ৰতিটো সপোনৰ বাস্তৱ ৰূপ দি আহিছে ৷ এই মন্তব্য প্ৰাইড ইষ্ট এন্টাৰটিইনমেন্ট ৰ পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাৰ ৷বৃহস্পতিবাৰে পূৱ শুৱালকুছিৰ নিৰ্বাচনী সভা এখনত ভাষণ দি তেওঁ কয় যে ড°হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বতই অসমখনৰ সকলো দিশ উজলাই তুলিছে ৷ অসমখনক সদায় নতুন ৰূপত দেখিবলৈ তেওঁ যি বোৰ সপোন দেখিছে তাৰ সকলোখিনিয়ে বাস্তবায়িত কৰিছে ৷ দেশৰ ভিতৰতে অসমক শ্ৰেষ্ঠ কৰা যি পৰিকল্পনা তাক ৰূপ দিবলৈ সৰ্বোতপ্ৰকাৰ চেস্টা অব্যহত ৰাখিছে ৷ অসমৰ সমস্টি পুনৰ নিৰ্ধাৰণত শুৱালকুছিক জালুকবাৰী সমস্টিৰ পৰা বাদ
পৰিছে যদিও তেৱেই পৰৱৰ্তীকালত ইয়াৰ বিধায়ক হিচাৱে সকলো কাম কৰিব ৷ এইবাৰ আপোনালোকে হাজো-শুৱালকুছি সমস্টিত দুগৰাকী বিধায়ক পাব ৷ উন্নয়নৰ জোৱাৰো পূৰ্বতকৈ ইয়াত বৃদ্ধি হব ৷ অহা ৯ এপ্ৰিলত আপোনালোক সকলোৱে আহি হাটীৰ ছবিত ভোট দি এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী প্ৰকাশ দাসক বিপুল ভোটত জয়ী কৰাই মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰে যেন ৷ মুখ্যমন্ত্ৰী ড°শৰ্মাই সদায় আপোনালোকৰ কথা চিন্তা কৰে ৷ শুৱালকুছি প্ৰাণ তেওঁৰ হৃদয়ত আছে ৷ বিগত ২৫ বছৰে আপোনালোকৰ লগত থাকি আপোনালোকৰ পৰা যি মৰম দয়া পাইছে সেয়া কেতিয়াও নাপাহৰে ৷ আগৰ দৰেই মৰম ভালপোৱা বোৰ থাকি যাব ৷ আমাৰ পৰিয়ালটিয়ে শুৱালকুছিবাসীৰ কথা কেতিয়াও আৰু কাহানিও পাহৰিব নোৱাৰো ৷ গতিকে মুখ্যমন্ত্ৰী গৰাকীক যি দৰে ভোট দি বিপুল ভোটত জয়ী কৰাইছে থিক তেনেদৰে প্ৰকাশ দাসকো ভোট দি জয়যুক্ত কৰিব বুলি আশা ৰাখিছোঁ ৷ বিশিষ্টা মহিলা গৰাকীয়ে শুৱালকুছিৰ মহিলা সকল সকলো দিশতে আগবঢ়া বুলি উল্লেখ কৰি মহিলা সকল আগবাঢ়ি আহিলেহে দেশৰ প্ৰগতি আৰু উন্নতি হব বুলি কয় ৷ পূৱ শুৱালকুছি নিৰ্বাচনী সমিতিৰ সভাপতি ডা°কাৰ্ত্তিক চন্দ্ৰ মেধিয়ে আগবঢ়োৱা আদৰণি ভাষণত ড°হিমন্ত বিশ্ব শৰ্মা শুৱালকুছিৰ বাবে আত্মা বুলি উল্লেখ কৰি কয় যে ড°শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ এন ডি এৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক হাটীৰ ছবিত বিপুল ভোটত জয়ী কৰাই দ্বিতীয়বাৰৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ৷ সভাত হাজো -শুৱালকুছি সমস্টিৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড°শৰ্মাই অসমখনক কেনেদৰে আগবঢ়াই নিছে তাৰ এক বাখ্যা দাঙি ধৰি অসমৰ জনগণ সকলো দিশতে সুৰক্ষিত হৈ থাকিবলৈ হলে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ অতিৱ প্ৰয়োজন আৰু দ্বিতীয় বাৰৰ বাবে ড°শৰ্মাৰ নেতৃত্বত পুনৰ চৰকাৰ হোৱাটো প্ৰায় নিশ্চিত বুলি উল্লেখ কৰে ৷ তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসক তীব্ৰ সমলোচনা কৰি কয় যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ লেখিয়াকৈ তেওঁ পঞ্চায়ত সদস্যৰ বাবে যোগ্য ৷ বকোৰ বাটপথত পুখুৰীৰ সৃষ্টি কৰি এইবাৰ হাজো-শুৱালকুছিৰ বাটপথতো পুখুৰী কৰিবলৈ অহা বুলি উল্লেখ কৰে ৷ তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷ পুৱ শুৱালকুছি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিগন্ত দাসে আতঁধৰা সভাত প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান, আহ্বায়ক বলেন ৰাজবংশী, বিজেপি মণ্ডল সম্পাদক দুলু দাস, নিৰ্বাচনী সমিতিৰ উপ সভাপতি দীপক কুমাৰ, পূৱ পঞ্চায়তৰ সভাপতি জগদীশ কাকতি, জুৰি শৰ্মা বৰদলৈ, বিশিষ্ট সমাজকৰ্মী ৰাজিৱ দাস প্ৰমুখ্যে কেবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷ ইয়াৰ পিছত ৰিণিকি ভূঞা শৰ্মাই মধ্য শুৱালকুছি আৰু পশ্চিম শুৱালকুছিকে ধৰি শুৱালকুছি মণ্ডলৰ অন্তৰ্গত ন খন পঞ্চায়তত নিৰ্বাচনী সভাত অংশ লৈ হাজো-শুৱালকুছিৰ এন ডি এৰ প্ৰাৰ্থী গৰাকীক হাটীৰ ছবিত ভোট দি বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷ প্ৰতিখন নিৰ্বাচনী সভাতে তেওঁক কাৰ্যকৰ্তা সকলে বিপুল ভাৱে আদৰণি জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *