...

কানৈ বাণিজ্য মহাবিদ্যালয়ত পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱালৈ শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ

Spread the love

কানৈ বাণিজ্য মহাবিদ্যালয়ত পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱালৈ শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ

প্ৰাচীৰ পত্ৰিকা *মন্থন* উন্মোচন

চাইন অন ডেস্ক:

প্ৰসিদ্ধ উদ্যোগপতি পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ জন্ম শতবৰ্ষৰ উপলক্ষ্যত বুধবাৰে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় পৰিয়ালে এটি অনাড়ম্বৰ অথচ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই উপলক্ষ্যত মহাবিদ্যালয় পৰিয়ালৰ হৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈ আৰু অধ্যাপক ড° টংক প্ৰসাদ উপাধ্যায়ে অসমবাসীৰ বাণিজ্য ক্ষেত্ৰৰ আদৰ্শ ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি আৰু এমুঠি ধূপকাঠি প্ৰজ্বলন কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড° নৱজ্যোতি দত্তই অনুষ্ঠানটিৰ আঁত ধৰি ১৯২৬ খ্ৰীষ্টাব্দৰ ১ এপ্ৰিলত জন্ম গ্ৰহণ কৰা প্ৰখ্যাত উদ্যোগীগৰাকীৰ বিষয়ে সমৱেত অধ্যাপক-কৰ্মচাৰী-বিদ্যাৰ্থীসকলক এটি চমু আভাস প্ৰদান কৰে। অধ্যক্ষ ড° গগৈয়ে তেওঁৰ ভাষণত সমৱেত ছাত্ৰ-ছাত্ৰীসকলক মহান উদ্যোগীগৰাকীৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰেক্ষাপটত মূলত: এগৰাকী চাহ উদ্যোগী হিচাপে প্ৰসিদ্ধ সুখ্যাত অসমীয়াগৰাকীৰ ২০১৩ চনৰ ৩১ জুলাইত বেংককত হৃদৰোগত মৃত্যু ঘটিছিল। যোৰহাটৰ জালুকনিবাৰীৰ প্ৰখ্যাত ঠেঙাল ভৱনত জন্ম লাভ কৰা বৰুৱা আছিল অগ্ৰণী অসমীয়া সাংবাদিক তথা প্ৰখ্যাত চাহ- উদ্যোগী শিৱপ্ৰসাদ বৰুৱা আৰু অগ্ৰণী অসমীয়া মহিলা উদ্যোগী কমল কুমাৰী বৰুৱাৰ সন্তান। ১৯৪৯ চনতে হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য ব্যৱস্থাপনাৰ স্নাতকোত্তৰ উপাধি লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি বৰুৱাৰ উদ্যোগতে অসমত চাহ-পৰ্যটনৰ সোণালী অধ্যায়ৰ সূচনা হৈছিল।এই অনুষ্ঠানৰ লগতে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা ‘মন্থন’ৰ ‘জুবিন গাৰ্গ বিশেষ সংখ্যা’ হিচাপে প্ৰকাশিত ত্ৰয়োবিংশতিতম সংখ্যাটিও অধ্যক্ষ ড° গগৈয়ে উন্মোচন কৰি বিভাগৰ প্ৰয়াসৰ ধাৰাবাহিকতাৰ প্ৰশংসা কৰে। এই উপলক্ষে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত অধ্যক্ষগৰাকীয়ে এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে অধ্যাপক ড° টংক প্ৰসাদ উপাধ্যায়ে এমুঠি ধূপকাঠিৰ প্ৰজ্বলনেৰে অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰে। মহাবিদ্যালয়ৰ অধ্যাপিকা ড° চিত্ৰা ৰয়ে বিভাগৰ প্ৰয়াসৰ শলাগ লোৱাৰ লগতে পত্ৰিকাখনৰ নামটোৰ তাৎপৰ্য উপলব্ধি কৰি জীৱনত সেই ধৰণেৰে আগ বাঢ়ি যাবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। ‘মন্থন’ৰ নৱতম সংখ্যাটিৰ সম্পাদক কৰবী পানীফুকনেও অনুষ্ঠানটিত বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানতে অসমীয়া বিভাগৰ মুৰব্বী ড° নৱজ্যোতি দত্তই মহাবিদ্যালয় পৰিয়ালৰ বাবে অধ্যক্ষগৰাকীৰ হাতত পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা আৰু গণশিল্পী মঘাই ওজাৰ একোখনকৈ প্ৰতিচ্ছবি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *